চোৰ ধৰা পেলাইছে গৌতম গম্ভীৰে৷ টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূমৰ ভিতৰুৱা কথা কোনে ফাদিল কৰিছে সেই কথা গম পাইছে গম্ভীৰে৷ গতিকে BCCIৰ পৰ্যালোচনা সভাত বিশেষ খেলুৱৈজনক দলৰ পৰা বাহিৰ কৰি দিবলৈ তেওঁ অনুৰোধ জনাইছে৷
গম্ভীৰে প্ৰতাৰক হিচাপে অভিহিত কৰা উক্ত খেলুৱৈজন হৈছে ছৰফৰাজ খান৷ নৱাগত খেলুৱৈজন ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দলটো অন্তৰ্ভুক্ত হৈছিল৷ কিন্তু তেওঁ দলৰ সকলো ভিতৰুৱা কথা ফাদিল কৰিলে৷
ৰোহিত শৰ্মাৰ সৈতে গম্ভীৰৰ কাজিয়াৰ পৰা আদি কৰি ড্ৰেছিং ৰূমত ঘটা সকলো ঘটনা ছৰফৰাজেই সংবাদ মাধ্যমক গোপনে জনোৱা বুলি গম্ভীৰে BCCIক অভিযোগ দিছে৷ কিন্তু BCCIৰ সূত্ৰই মুছলমান হোৱা বাবেহে গম্ভীৰে ছৰফৰাজক লক্ষ্য কৰি লোৱা বুলি অভিহিত কৰিছে৷
একেসময়তে নেতৃত্বৰ পৰাও অব্যাহতি বিচাৰিছে ৰোহিত শৰ্মাই৷ তেওঁ চেম্পিয়নছ ট্ৰফীৰ পিছতে নতুন অধিনায়ক বাছনি কৰিবলৈ BCCIক অনুৰোধ জনাইছে৷
আনহাতে সমাগত চেম্পিয়নছ ট্ৰফীয়েই হ’ব গৌতম গম্ভীৰৰ অগ্নিপৰীক্ষা৷ যদি এই প্ৰতিযোগিতাতো দল পৰাজিত হয়, তেন্তে গম্ভীৰক অপমানজনকভাৱে অপসাৰিত কৰা হ’ব৷
এই কথাটো নিশ্চিত হোৱাৰ পিছতে সতীৰ্থৰ বিৰুদ্ধে খঙত টিঙিৰিতুলা হৈ পৰিছে গম্ভীৰ৷ শেহতীয়াকৈ প্ৰশিক্ষণত দেৰীকৈ উপস্থিত হোৱা বাবে বলিং প্ৰশিক্ষক মৰ্নে মৰ্কেলক ককৰ্থনা কৰিছে গম্ভীৰে৷