জ্ঞানৰ পিছত দৌৰি দৌৰি মানুহ ক’লৈ যাব
ইয়ালৈয়েই উভতি আহিব
এইদৰে ব্যাখ্যা কৰা যুৱকজনৰ নাম অভয় সিং৷ কঁপালত ভস্মৰ তিলক লৈ ৰুদ্ৰাক্ষ পৰিধান কৰা যুৱ সন্ন্যাসী তেওঁ৷
কিন্তু বৰ্তমান ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ থকা এইগৰাকী সন্ন্যাসী আন বহুজনৰ দৰে নহয়৷ তেওঁ হৈছে IIT ব’ম্বেৰ স্নাতক৷ এৰ’স্পেচ ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰীধাৰী৷
হাঁহিমুখীয়া সন্ন্যাসীৰ প্ৰথমে কথা শুনিয়েই অচিনাকি সাংবাদিক হতবাক হৈছিল৷ তেতিয়াহে উদ্ধাৰ হৈছিল অভয় সিঙৰ পৰিচয়৷ হাৰিয়ানাৰ যুৱক অভয়ৰ কিন্তু বৰ্তমান ঠিকনা হৈছে হিমালয়ৰ পাদদেশৰ আশ্ৰম৷
শৈক্ষিক জীৱনত সংগ্ৰাম কৰি কৰি তেওঁ ভাগৰি পৰিছিল৷ পিছে জানি-বুজিয়েই তেওঁ বাছি লৈছিল সংগ্ৰামৰ পথ৷
কিন্তু সংগ্ৰামে তেওঁক কৰি তুলিছিল ভাগৰুৱা৷ তেতিয়া তেওঁ জিৰণি ল’বলৈ বিচাৰিছিল৷ পিছে ক’ত পাব মনে বিচৰা শান্তিৰ জিৰণি?
সেই প্ৰশ্নই ব্যাকুল কৰি তুলিছিল অভয়ক৷ প্ৰেমজনিত বিৰহ বেদনাই অস্থিৰ কৰি তোলা অভয়ে এটা নতুন চাকৰি কৰি অতীতক পাহৰিবলৈ বিচাৰিছিল৷ কিন্তু নোৱাৰিলে৷ সকলো কথাই পাহৰি থাকিল৷
পিছে তেতিয়াই অভয়ে বিচাৰি পালে মোক্ষলাভৰ পথটো৷ তেওঁ সন্ন্যাসী হ’ল৷ এতিয়া অভয়ৰ চৌদিশে ভয় নাই৷ অভয় নিৰ্ভয় হৈ পৰিল৷