গণশিল্পী পেছাদাৰী হ’ব নৱাৰে নেকি?
পেছাদাৰীত্ব অপৰাধ নেকি?
শিল্পীৰ দৰিদ্ৰতা গৌৰৱৰ অলংকাৰ নেকি?
বিগত তিনিদিনজোৰা চৰ্চা শুনি আমি এই প্ৰশ্ন উত্থাপন কৰিবলৈ বিচাৰিছোঁ৷ আমি কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ সেয়ে জনতাক সুধিছোঁ এই প্ৰশ্ন৷
বিগত কিছুদিনৰে পৰা দিলজিৎ দোছাঞ্জ নামৰ পঞ্জাবী গায়কজনে দেশজুৰি সংগীতানুষ্ঠান কৰি আহিছে৷ এটা কনচাৰ্টৰ বাবে তেওঁৰ আয় হৈছে প্ৰায় ৫ কোটি টকা৷
কিন্তু সেইজন শিল্পী পঞ্জাবত গণশিল্পী হিচাপেই পৰিচিত৷ পঞ্জাবৰ কৃষক আন্দোলনক সমৰ্থন কৰিছে দিলজিতে৷ তেওঁ পঞ্জাব আৰু হাৰিয়ানাৰ প্ৰতিবাদী কৃষকৰ মাজত লোকপ্ৰিয়৷
পিছে অসমলৈ চাওকচোন, প্ৰতিবাদী ৰাইজৰ বাবে গান গোৱা ৰাজীৱ শদিয়াই গুৱাহাটীলৈ যাত্ৰাৰ বাবে বাছভাৰাই গোটাব নোৱাৰে!
সশব্দ গৰ্জনেৰে অপশক্তিৰ বিৰুদ্ধে মাত মতা ৰাজীৱ শদিয়া আছিল শিল্পৰ জগতখনৰ প্ৰতিবাদী কণ্ঠ৷ যুগে যুগে এনে এটা প্ৰতিবাদী কণ্ঠই শাসকক সাৱধান কৰি আহিছে৷
কিন্তু সেইসকল দৰিদ্ৰ হ’লেহে ৰাইজে বিশ্বাস কৰিব নেকি? প্ৰতিবাদী শিল্পীৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হোৱাটো বাধ্যতামূলক নেকি?
কথাবোৰ বাৰু আকৌ ভাবিবলৈ হোৱা নাইনে? ৰাজীৱ শদিয়াৰ পত্নীৰ হিয়াভগা কান্দোনৰ শব্দই কি কয় বাৰু? স্বদেশ-স্বজাতিৰ লগতে নিজৰ স্বাস্থ্যৰ কথাও আগতীয়াকৈ ভাবি মানুহজনে আগতেই সাৱধান হোৱাহেঁতেন হয়তো অসমে শুনিব নালাগিলহেঁতেন সেই ক্ৰন্দন৷
গতিকে ৰাইজ, ভাবি চাব…