কৰ্মদক্ষ বুলি নিজকে প্ৰচাৰ কৰি থকা মধ্য অসমৰ এজন বিধায়কে সমষ্টিত সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ তেওঁৰ বাবে ভয় কৰা হৈছে নিৰীহ ৰাইজে৷ সমষ্টিত তেওঁৰ বিৰোধিতা কৰা সকলোকে বিধায়কৰ চামচাই হাৰাশাস্তি কৰিছে৷
নিবনুৱাক খেতি কৰিবলৈ উৎসাহ যোগোৱা বুলি ভুৱা প্ৰচাৰ চলোৱা বিধায়কজনে বাছি বাছি ধৰিছে নিৰীহক৷
অভিযোগ অনুসৰি তেওঁৰ মালিকানাধীন এক কৃষি প্ৰতিষ্ঠানত চাকৰি কৰিছিল এজন যুৱকে৷ কিন্তু পিছলৈ মনোমালিন্যৰ বাবে যুৱকজনে চাকৰি এৰিছিল৷ প্ৰতিশোধ পৰায়ণ বিধায়কে সেই ভূঞা উপাধিৰ যুৱকজনক কুকুৰে ছাগলী কামোৰাৰ ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰোৱালে৷
কিন্তু ভূঞাৰ গ্ৰেপ্তাৰৰ বাতৰিটো প্ৰচাৰ কৰা প’ৰ্টেলৰ ওপৰত নজৰ ৰাখিলে বাহুবলী বিধায়কে৷ বাতৰিটোত যুৱকজনৰ সপক্ষে যিয়েই কমেণ্ট কৰিছিল সকলোৰে তালিকা প্ৰস্তুত কৰিলে৷
ভূঞাক সমৰ্থন কৰা নিজৰ সমষ্টিৰ সকলোকে বিধায়কে চিনাক্ত কৰিলে৷ তাৰ পিছত এইসকলৰ ওপৰত জাপি দিলে নানা ভুৱা গোচৰ৷
অভিযোগ অনুসৰি কেবাজনো ব্যক্তিৰ চাকৰিকলৈয়ো বিধায়কে সমস্যা সৃষ্টি কৰিছে৷ চৰকাৰী চাকৰি কৰা সমষ্টিবাসীৰ বিৰুদ্ধে বিধায়কৰ চামচাই অদ্ভুত কেছ দিছে৷
তেওঁলোকক ক্ষমাপ্ৰাৰ্থনাৰ বাবে দিয়া হৈছে নিৰ্দেশ৷ মুঠতে বিধায়কে সৃষ্টি কৰিছে ত্ৰাস৷