সীমাৰ সিপাৰে ৰৈ আছে বোৰ্খা পৰিহিত বাংলাদেশী৷ কাটাতাঁৰৰ সিপাৰে ৰৈ ভাৰতৰ ভূমিলৈ চাই আছে মুছলমান মহিলাই৷ ইপাৰে আকৌ নাচি আছে এদল যুৱতীয়ে৷ ত্ৰিপুৰাৰ যুৱতীসকলে নাচি নাচি বনাইছে ৰীল৷
এই ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী এলেকাত দুই দেশৰ মহিলাৰ নৃত্যই নেটিজেনক আকৰ্ষণ কৰিছে৷
ভিডিঅ’ত কৰা বৰ্ণনা অনুসৰি কাটাতাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিবলৈ বাংলাদেশী মহিলাই চেষ্টা কৰিছিল৷ কিন্তু অনুপ্ৰৱেশৰ সময়তে তেওঁলোক ধৰা পৰিল৷
তাৰ পিছত সীমাৰ সিপাৰে থকা বাংলাদেশী মহিলাক জোকাই ৰীল তৈয়াৰ কৰিলে ত্ৰিপুৰাৰ য়ুৱতীয়ে৷ দাঁত নিকটাই ভাৰতীয় যুৱতীয়ে নাচিলে৷
এই ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে৷ ভাৰতীয় যুৱতীৰ নৃত্যই আকৰ্ষণ কৰিছে নেটিজেনক৷