ৰাইজৰ বাবে গান গাই অভাৱত জীৱন কটাইছিল ৰাজীৱ শদিয়াই৷ উন্নত চিকিৎসা গ্ৰহণ কৰিবলৈয়ো তেওঁৰ হাতত নাছিল ধন৷ আগতীয়াকৈ চিকিৎসা গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই হঠাতে তেওঁ চিৰদিনলৈ গুচি যাবলগীয় হ’ল৷
গণশিল্পী বুলি বহুতে নামকৰণ কৰা ৰাজীৱ শদিয়াক শেহতীয়াকৈ গুৱাহাটীৰ এটা প্ৰতিষ্ঠানে সন্মানিত কৰিছিল৷ তেওঁক বঁটা গ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ নিমন্ত্ৰণ কৰা হৈছিল৷ কিন্তু ৰাজীৱ শদিয়া উক্ত অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷
কাৰণ শদিয়াৰ পৰা গুৱাহাটীলৈ যাত্ৰাৰ বাবে তেওঁৰ হাতত ধন নাছিল৷ বাছ ভাৰা গোটাব নোৱাৰি সম্বৰ্ধনা অনুষ্ঠানত তেওঁ উপস্থিত থাকিব নোৱাৰিলে৷
এইজন শিল্পীয়ে ফিল’বাৰীত অনুষ্ঠান কৰি থকা সময়তে অসুস্থ হৈ পৰিছিল৷ তেতিয়াই কিন্তু প্ৰায় নিশ্চিত হৈ পৰিছিল ৰাজীৱ শদিয়াৰ জীৱন নাটৰ যৱনিকা৷
ষ্ট্ৰ’কত আক্ৰান্ত হোৱা ৰাজীৱ শদিয়াৰ পৰিয়ালক সম্ভাৱ্য পৰিণতিৰ বিষয়ে জনাইছিল চিকিৎসকে৷ গায়কজন জীয়াই থকাৰ সম্ভাৱনা মাত্ৰ ১ শতাংশহে বুলি আগতীয়াকৈ জনাইছিল৷
যদি আগতীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰালেহেঁতেন, তেন্তে ৰাজীৱ শদিয়া জীয়াই থাকিলেহেঁতেন৷ কিন্তু ধনৰ অভাৱত তেওঁ চিকিৎসা কৰাব নোৱাৰিলে৷