বিহুৰ পিছতে আজি সৰ্বাধিক ভিৰ হৈছে নেইল পাৰ্লাৰত৷ উৰুকাৰ ভোজ খাই গুৱাহাটীলৈ ওভতা যুৱতীসকলে নেইল পাৰ্লাৰত ভিৰ কৰিছে৷
পৰিয়ালৰ সৈতে উৰুকা উদযাপনৰ পিছত হাতত লগাই থোৱা প্লাষ্টিকৰ নখ গলি গৈছে৷ সেয়ে আকৌ ধন ভৰি মেৰামতি কৰাবলৈ গুৱাহাটীৰ নেইল পাৰ্লাৰত আজি হৈছে সৰ্বাধিক ভিৰ৷
আজি কিছুবছৰৰ পৰা অসমত আৰম্ভ হৈছিল নেইল এক্সটেনশ্যন নামৰ কলাবিধৰ ধাৰা৷ আধুনিক যুৱতীৰ বাবে গুৱাহাটীতে কেবাখনো নেইল পাৰ্লাৰ আৰম্ভ হৈছিল৷
প্ৰশিক্ষিত যুৱক বা যুৱতীয়ে আচল নখৰ ওপৰত প্লাষ্টিকৰ নখ লগাই ৰং-বিৰঙেৰে আঙুলি শুৱনি কৰি তোলাৰ পদ্ধতি অসমত প্ৰচলিত হৈ পৰিছে৷
কিন্তু মাঘৰ বিহুৰ উৰুকাৰ পিছত সকলো গণ্ডগোল লাগিছে৷ অভ্যাস নথকা যুৱতীয়ে জুই ফুওৱাৰ পিছত গলি গৈছে প্লাষ্টিকৰ নখ৷
ফলত নেইল পাৰ্লাৰৰ মালিকে পাইছে সৰহীয়া উপাৰ্জনৰ সুযোগ৷ বিহুৰ পিছত পাৰ্লাৰত বাঢ়িছে ভিৰ৷