আমি জনাত অতুল বৰাই গাহৰি মাংসহে ভাল পায়
কিন্তু কিয় নাজানো অতুল বৰাই মাঘৰ বিহুৰ সময়ত মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়ে প্ৰকাণ্ড বাহু মাছ৷ বহুতে কয় কাজিৰঙাৰ পৰা বিলৰ পৰা অতুল বৰাই গুৱাহাটীলৈ মাছটো উৰুকাৰ পূৰ্বে কঢ়িয়াই নিয়ে৷ কিন্তু অতুল বৰাই যি ঠাইৰ পৰা নিনিয়ক কিয়, মুখ্যমন্ত্ৰীক কিন্তু মাছটো দিয়ে৷
কিন্তু মুখ্যমন্ত্ৰীক মাছ উপহাৰ দিয়া অতুল বৰাৰ নিজৰ সমষ্টিতে উৰুকাৰ দিনটোত জনতাৰ প্ৰতিবাদ স্বাভাৱিক ঘটনা হৈ পৰিছে৷ কাজিৰঙাৰ মাজত বন বিভাগে মাছ মাৰিবলৈ নিদিয়াৰ বাবে জনতাই পথ অৱৰোধ কৰে৷ তাৰ পিছতে বন্ধ হয় যাতায়াত৷ সেইটো সমস্যা সমাধান কৰিবলৈ পিছে অতুল বৰাৰ সময় নাই৷
মুখ্যমন্ত্ৰীৰ ঘৰ মাছেৰে ভৰাই পেলোৱাসকলৰ কিন্তু ইচ্ছা আন একো নহয়, তেওঁলোকৰ একমাত্ৰ লক্ষ্য হৈছে মুখ্যমন্ত্ৰীৰ সৈতে এখন ফটো৷
ক’ভিডৰ বাবে চৰকাৰে সাহায্য বিচৰাৰ সময়তো সেইসকল লোকে কেইটামান পইচা আগবঢ়াই CMOত ভিৰ কৰিছিল৷ কিন্তু বহুতে নীৰৱে ৰাজকোষলৈ দিলে আৰ্জিত ধন৷
মুখ্যমন্ত্ৰীৰ সৈতে এখন ফটো উঠি নিজৰ ক্ষমতা প্ৰদৰ্শনৰ চেষ্টা কৰিবলৈয়েই নেতাসকলে এইবাৰো মাছ বিচাৰি ফুৰিছে৷ কাৰ সৈতে মুখ্যমন্ত্ৰী কিমান ঘনিষ্ঠ সেয়া দেখুৱাবলৈ মাছ উপহাৰ হৈছে কেৱল আচিলাহে৷
কিন্তু বুদ্ধিমান মুখ্যমন্ত্ৰীয়ে ঠিকেই ধৰিব পাৰিছে সুবিধাবাদীৰ ভাওনা৷ সেয়ে তেওঁ যথাস্থানত সুৰক্ষিতভাৱে অৱস্থান কৰিছে৷ লাই দিয়া নাই সুবিধাবাদীক৷