ৰাইজ, গুৱাহাটীক নজগাব

বিহুৰ বতৰত গুৱাহাটীত আজি কাৰ্ফিউ চলিছে৷
নৱকান্তৰ ভাষাত
কার্ফুৰ সময় হ’ল
সূর্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো
শুহি ল’লে ৰাতিৰ আকাশে
অলপ মিউজিক
বছৰৰ আনসময়ত সকলোবোৰ গুৱাহটীয়া৷ পিছে বিহুৰ বতৰত গুৱাহাটীৰ কোন সেয়া ফটফটীয়াকৈ ওলাই পৰিছে৷ বিহুৰ বতৰত গুৱাহাটীত বন্ধ হৈ গৈছে পাণ-তামোলৰ গুমটিও৷ বহুতকে আশ্ৰয় দিয়া গুৱাহাটীত এতিয়া কেৱল আছেগৈ স্থায়ী বাসিন্দাসকল৷
উৰুকাৰ দিনটোত গুৱাহাটী হৈ পৰিছে সম্পূৰ্ণ খালী৷ আজি গুৱাহাটীৰ সেই পৰিচিত ট্ৰেফিক জাম নাই৷ পদপথত নাই বেপাৰীৰ হুলস্থূল৷ চিটীবাছত নাই যাত্ৰী৷ আজি যেন ভাগৰুৱা গুৱাহাটী কেৱল শুইছে৷
গেলাহাটী বুলি গালি পাৰিও গুৱাহাটীতে থকা সকলো ঘৰলৈ গ’ল৷ সেয়ে চহৰখনে জিৰণি পাইছে৷ অৱশ্যে বিহুৰ ভোগ শেষ কৰিয়েই সকলো উভটিব৷ আকৌ গুৱাহাটীয়ে আদৰি ল’ব অস্থায়ী অধিবাসীক৷
আজি ভাগৰুৱা গুৱাহাটীত নাই উজনি-নামনিৰ ৯০ শতাংশ ভাৰাতীয়া৷ ৰূমত তলা ওলমাই সকলো ঘৰলৈ গ’ল৷
ফাঁচীবজাৰৰ সেই চিনাকি ব্যস্ততাও আজি নাই৷ পাণবজাৰতো বন্ধ হৈ আছে দোকানবোৰ৷ অত্যাৱশ্যকীয় সেৱাৰ বাদে আন সৰ্বত্ৰ কামৰ গতিও মন্থৰ৷ জঠৰ গুৱাহাটীৰ ৰাস্তাবোৰ মৰা সাপৰ দৰেই দীঘল হৈ পৰি আছে৷
আকৌ নৱকান্তৰ ভাষাতে কওঁ
পথ আৰু উপপথ গলি আৰু এভিনিউ
বোবা যন্ত্রণাত অন্ধকাৰ
পিচল মৃত্যুৰ সাপ ভৰিৰ তলেদি যায়
অলপ মিউজিক
ৰাইজ শুবলৈ দিয়ক- গুৱাহাটীক নজগাব…

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email