নিৰামিষহাৰী মুখ্যমন্ত্ৰীয়ে ইমান মাছ কি কৰিব?

আনে কি খাইছে খাওক
কিন্তু NSG কমাণ্ডো আৰু অসম পুলিচৰ এটা দলৰ কেইদিনমান ৰাজভোগ হৈছে৷ তেওঁলোকে ভোগালীৰ প্ৰথমতেই খাবলৈ পাইছে অতুল বৰাই মুখ্যমন্ত্ৰীক উপহাৰ দিয়া প্ৰকাণ্ড বাহুমাছটো৷ মুখ্যমন্ত্ৰীক অতুল বৰাই বিহু খাবলৈ দিয়া মাছটোৰ সোৱাদ কমাণ্ডো পাৰ্টীয়ে ভালকৈয়েই লৈছে৷
এতিয়া দিছপুৰত চাইৰেন শুনিলেই সকলোৱে ভাবে- মুখ্যমন্ত্ৰীক মাছ দিবলৈ কোনোবা আহিছে?
ভোগালীৰ ভোগৰ সময়ত কেৱল এজন মানুহকে উপহাৰ দিবলৈ সকলোৱে ঢাপলি মেলিছে৷ মুখ্যমন্ত্ৰীৰ সৈতে হাঁহি মাৰি ফটো এখন উঠিবলৈ এচামে বিচাৰি ফুৰিছে প্ৰকাণ্ড মাছ৷
কিন্তু হ’লে কি হ’ব- অসমৰ মুখ্যমন্ত্ৰী নিৰামিষহাৰী৷ তেওঁ মাছ-মাংস নাখায়৷ বহুদিনৰ পিচত এবাৰ কাৰ্বি আংলঙত মাছি খাইছিল, কিন্তু গোন্ধতে ওকালি আহিল!
গতিকে নিৰামিষহাৰী মুখ্যমন্ত্ৰীক দিয়া মাছবোৰ সোমাইছে নিৰাপত্তাৰক্ষীৰ কোৱাৰ্টাৰত৷ ২৪ ঘণ্টাৰ মুখ্যমন্ত্ৰীৰ আৱাসত সষ্টম হৈ থকা NSG আৰু অসম পুলিচৰ কমাণ্ডো বাহিনীৰ সদস্যই বিভিন্ন ধৰণেৰে মাছৰ সোৱাদ লৈছে৷
কোনোবাই টেঙা দি ৰান্ধিছে বাহু মাছৰ জোল, আন কোনোবাই ৰান্ধিছে খাৰৰ সৈতে৷ প্ৰকাণ্ড মাছ খাই শেষ কৰিব পৰা নাই কমাণ্ডোৱে৷
নাম গোপনে ৰখাৰ চৰ্তত এটা সূত্ৰই সদৰী কৰা অনুসৰি মুখ্যমন্ত্ৰীক উপহাৰ দিয়া মাছ তেওঁৰ ঘৰৰ ভিতৰলৈয়ো নিয়া নহয়৷ প্ৰায়ে সেই মাছ পোনে পোনে নিৰাপত্তাৰক্ষীৰ কোৱাৰ্টাৰৰ আখলত সোমায়৷
গতিকে নিৰাপত্তাৰক্ষীৰ হৈছে ৰাজভোগ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email