মীম অথবা ধেমেলীয়া কথাৰনামত ফে’চবুকত বহিছে অবৈধ বজাৰ৷ অসমীয়া বিবাহিতা মহিলাৰ দেহৰ বৰ্ণনাৰে চলিছে যৌনতাৰ মেলা৷ যৌনগন্ধী কথা-বতৰাৰে অসমৰ বোৱাৰীৰ বিষয়ে অহৰহ কৰা হৈছে আলোচনা৷
বৰ্তমান ফে’চবুকত চলি আছে অসমীয়া বোৱাৰীৰ শৰীৰৰ বিষয়ে চৰ্চাৰ কেবাটাও গ্ৰুপ৷ এইসমূহত সদায় অনুমতিবিহীনভাৱে বোৱাৰীসকলৰ আপত্তিজনক ফটো অথবা ভিডিঅ’ আপলোড কৰা হয়৷
গ্ৰুপসমূহৰ যিকোনো যৌনগন্ধী বিষয়তে ভেনামাখিৰ দৰে উবুৰি খাই পৰে এজাক অতৃপ্ত যৌন বাসনাৰ নেটিজেন৷ তেওঁলোকে অশ্লীল আলোচনাৰে পূতিগন্ধময় কৰি পেলায় ফে’চবুক৷
আমি শেহতীয়াকৈ লাভ কৰা অভিযোগ অনুসৰি শতাধিক বোৱাৰীৰ ফটো এই গ্ৰুপবোৰত অবৈধভাৱে শ্বেয়াৰ কৰা হয়৷ ভুক্তভোগীয়ে প্ৰতিবাদ কৰিলেও গ্ৰুপৰ এডমিনে গুৰুত্ব নিদিয়ে৷
বক্ষ অথবা নাভিপ্ৰদেশ ওলাই থকা ফটো আৰু ভিডিঅ’ বাছি বাছি নিয়ে কামাতুৰ এডমিনে৷ নষ্ট চৰিত্ৰ মহিলাও এনে কু-কাণ্ডৰ সহযোগী হৈ থাকে৷
সেইসকলৰ পাল্লাত পৰিয়েই বহু দৰিদ্ৰ পৰিয়ালৰ বোৱাৰী পথভ্ৰষ্ট হৈছে৷ এনে গ্ৰুপবোৰতে থাকে একাধিক যোগাযোগৰ নম্বৰ৷ দেহ কিনিবলৈ বিচৰা পুৰুষে গ্ৰুপবোৰৰ জৰিয়তেই নিমাখিত বোৱাৰীৰ সৈতে মধ্যস্থতাকাৰীৰ জৰিয়তে সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হয়৷
আচলতে ফে’চবুকৰ গ্ৰুপৰ জৰিয়তেই বহুতো অসমীয়া বোৱাৰী দেহ ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য হৈছে৷ এই গ্ৰুপবোৰৰ অশ্লীল আলোচনাই হৈ পৰিছে অসমীয়া সমাজৰ কাল৷