স্থায়ী চাকৰি নহয়, কলেজত ঠিকাভিত্তিক শিক্ষক হৈ গেবাৰী খাটিব লাগিব অসমৰ নতুন প্ৰজন্মই৷ যিমানে ভাল একাডেমিক কেৰিয়াৰ নহওক কিয়, সৰহীয়াসংখ্যকে উচ্চশিক্ষা প্ৰতিষ্ঠানত চাকৰি নাপায়৷ UGCয়ে নতুন নিৰ্দেশনা জাৰি কৰাৰ পিছত এই কথাটো স্পষ্ট হৈ পৰিল৷
ঘোষিত নিৰ্দেশনা অনুসৰি উচ্চশিক্ষা প্ৰতিষ্ঠানত এতিয়াৰ পৰা নাথাকিব ঠিকাভিত্তিক শিক্ষকৰ নিৰ্ধিৰত পৰিসংখ্যা৷ পূৰ্বে প্ৰতিখন কলেজত মুঠ অধ্য়াপকৰ ভিতৰত ১০ শতাংশ ঠিকাভিত্তিক শিক্ষক নিযুক্তি প্ৰদানৰ ব্যৱস্থা আছিল৷ অৰ্থাৎ যিমান স্থায়ী শিক্ষক আছে, তেওঁলোকৰ অনুপাতত ১০ শতাংশক ঠিকাভিত্তিকভাৱে নিযুক্তি প্ৰদান কৰিব পৰা হৈছিল৷
কিন্তু UGCৰ শেহতীয়া নিৰ্দেশনাত এই হাৰ বাধ্যতামূলক নহয়৷ অৰ্থাৎ প্ৰয়োজন অনুসৰি কৰ্তৃপক্ষই ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিব পাৰিব৷ যি বিভাগতে প্ৰয়োজন হয়, সেই বিভাগতে শিক্ষকৰ অভাৱ পূৰণ কৰিবলৈ কৰ্তপক্ষই নিয়োগ কৰিব পাৰিব অস্থায়ী শিক্ষক৷ যিসকলক প্ৰয়োজন হ’লেই চাকৰিৰ পৰা আঁতৰো কৰিব পৰা যাব৷
এই নিয়ম জৰিয়তে উচ্চশিক্ষা প্ৰতিষ্ঠানত চাকৰিৰ বাবে আশা পালি থকা শিক্ষিতৰ আশাত চেঁচাপানী ঢালিলে UGC কৰ্তৃপক্ষই৷ লগতে স্থায়ী চাকৰিৰ আশাত কম দৰমহাতে ঠিকাভিত্তিক শিক্ষক হিচাপে কৰ্তব্য সম্পাদম কৰি থকাসকলকো বিমুখ কৰা হ’ল৷
UGCৰ গাইডলাইনে নিশ্চিত কৰিলে- কলেজত আৰু চাকৰি নোলায়৷ স্থায়ী সংস্থাপনৰ পৰিৱৰ্তে ঠিকাভিত্তিকভাৱে নিযুক্তিৰ জৰিয়তে কলেজ কৰ্তৃপক্ষই কৰ্মচাৰীৰ অভাৱ পূৰণ কৰিব পাৰিব৷