জাতীয় দলত স্থান কি নাপালে অসমৰ ক্ৰিকেটাৰে?

ক্ৰিকেট কেৰিয়াৰৰ প্ৰায় অৱসান ঘটিছে ৰিয়ান পৰাগৰ৷ আঘাতৰ বাবে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত থকা অসমৰ খেলুৱৈজনৰ বিৰুদ্ধে ব’ৰ্ডৰ শক্তিশালী লবীয়ে অহৰহ কৰিছে চক্ৰান্ত৷ সেয়ে নিশ্চিত হোৱাৰ পিছতো ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ দলত তেওঁক দিয়া নহ’ল স্থান৷
সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ঘোষিত দলত সকলো উদীয়মানকে অন্তৰ্ভুক্ত কৰা হ’ল৷ কিন্তু আঘাতৰ পৰা মুক্ত হোৱাৰ পিছতো ৰিয়ানক নিৰ্বাচকে অৱহেলা কৰিলে৷ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে উপেক্ষা কৰিলে অসমৰ ক্ৰিকেটাৰজনক৷
IPLৰ প্ৰাকক্ষণত ঘৰুৱা টি-২০ শৃংখলাত জাতীয় দলত স্থান লাভ কৰিব বুলি কিন্তু ৰিয়ান পৰাগ নিশ্চিত আছিল৷ বৰ্তমান বাংগালুৰুৰ NCAত প্ৰশিক্ষণৰত ৰিয়ান সাজু হৈছিল৷ কিন্তু চক্ৰান্ত কৰি তেওঁক দলত স্থান নিদিলে নিৰ্বাচকে৷
এই কথাটোৱে ৰিয়ানৰ বিৰুদ্ধে চলি থকা নিৰ্বাচকৰ লবী নিশ্চিত কৰিলে৷ অসমৰ তাৰকাজনৰ কেৰিয়াৰ ধ্বংস কৰিবলৈ এচাম লোকে চলোৱা ষড়যন্ত্ৰৰ কথা যে সম্পূৰ্ম সত্য সেইটো সত্য প্ৰতিপন্ন কৰিলে ৰিয়ানৰ প্ৰতি অৱহেলাই৷
সূৰ্যকুমাৰৰ নেতৃত্বত ঘোষিত দলটোত কিন্তু স্থান লাভ কৰিলে নৱাগত ধ্ৰুৱ জুৰেলে৷ একেদৰে সঞ্জু ছেমছনকো আকৌ এবাৰ ভাগ্য পৰীক্ষা কৰিবলৈ নিৰ্বাচকে সুযোগ প্ৰদান কৰিলে৷
তিলক বাৰ্মায়ো এই টি-২০ দলটোত সুযোগ পাইছে৷ কিন্তু টেম্পাৰমেণ্টৰ প্ৰমাণ দিয়াৰ পৰা ৰিয়ানক বিৰত ৰাখিবলৈ নিৰ্বাচকে কৰিছে চক্ৰান্ত৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email