অভাৱীজনেও মাছ এচকল গোটাইছে, কোনোবাই আকৌ গোটে গোটে কিনিছে প্ৰকাণ্ড বাহুমাছ৷
কিন্তু হ’লে কি হ’ব, আপুনি আজি নিৰামিষ ভাত খাব লাগিব!
বজাৰ মাছে-মাংসই গোটেই ওৱাইদানি হৈ আছে৷ কিন্তু আপুনি কিজানি নিৰামিষ খাবলৈয়েই ইচ্ছা কৰিছে৷ মন নাই, কিন্তু কোনোমতে লোভ সম্বৰণ কৰি নিৰামিষ খাম বুলিয়েই ঘৰত জনাইছে৷
কাৰণ আজি পূৰ্ণিমা
সচৰাচৰ বিহুৰ উৰুকাৰ দিনটোত পূৰ্ণিমা নহয়৷ কিন্তু এইবাৰ পূৰ্ণিমাৰ দিনাখনেই হৈছে মাঘবিহুৰ উৰুকা৷ সেই হিচাপে বহুতে নিৰামিষ ব্যঞ্জনেৰে পাতিব লাগিব উৰুকাৰ ভোজ৷
এইবাৰ ৩১ ডিচেম্বৰতো আছিল মঙলবাৰ৷ অসমৰ সৰ্বাধিক সংখ্যাৰ লোকে মঙলবাৰে আকৌ মাছ-মাংস নাখায়৷
কৃষ্ণগুৰুৰ ভক্ত আৰু আন এটা বৃহৎ জনসমষ্টিয়ে মঙলবাৰে ব্যক্তিগত কাৰণত নিৰামিষ আহাৰ খায়৷ গতিকে তেওঁলোকে নৱবৰ্ষও নিৰামিষ আহাৰেৰেই উদযাপন কৰিছিল৷
এইবাৰ একেদৰে পূৰ্ণিমাত নিৰামিষ আহাৰ গ্ৰহণ কৰাসকলেও খাব লাগিব বন্ধাকবি ভাজি৷ কবি আৰু গাজৰৰ তেলেতীয়া ভাজিৰে তেওঁলোকে পাতিব লাগিব ভোজ৷
কাষতে বেলেগে মাছে-মাংসই খাব৷ কিন্তু পূৰ্ণিমাৰ উৰুকাত বহুতে খাব বিলাহী দিয়া দাইল আৰু কবি ভাজি৷