উৰুকাত এটা ভাল খবৰ শুনক, মাজুলীত উৎপাদিত থলুৱা সামগ্ৰীৰে ৰাজ্যৰ বজাৰ দখল কৰিছে৷ সকলোৱে বিচাৰি বিচাৰি কিনিছে ভকত চাপৰিৰ গুড়৷ মাজুলীৰ খাটী অসমীয়া কৃষকৰ মাটি দাইল, ৰঙা চাউল, গুড়, তিল, আঠা দৈৰে বজাৰ ভৰি পৰিছে৷ দক্ষিণপাট, জেংৰাই, নামনি মাজুলীৰ আঠা দৈয়ে মাজুলীবাসীৰ চাহিদা পূৰণ কৰাৰ লগতে মাজুলীৰ বাহিৰৰ বিভিন্ন ঠাইত এই দৈ সমাদৃত হৈছে৷ নামনি মাজুলীৰ নগেন কাকতিৰ আঠা দৈ মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন বজাৰলৈ গৈছে৷ নগেন কাকতিয়ে নিজৰ ঘৰত দৈ প্ৰস্তুত কৰাৰ লগতে মাজুলীৰ কমলাবাৰীত গাখীৰৰ মহলৰ জৰিয়তে ভোগালী বিহুত বিক্ৰী কৰিবৰ বাবে প্ৰায় ১০ মোন দৈ গাখীৰ প্ৰস্তুত কৰিছে৷ সৰু-বৰ ৫০০ টা টেকেলি প্ৰস্তুত কৰিছে মিঠা আঠা দৈ৷ মাজুলীৰ ঘৰে ঘৰে উৎপাদিত জৈৱিক কাঠ আলুৱেও এতিয়া ভোগালী বজাৰ দখল কৰিছে৷ মাজুলীৰ লাহলিয়াল গাঁৱৰ হেমন্ত বৰাৰ বাৰীত প্ৰায় ২৪ কেজি কাঠ আলু খান্দি বজাৰলৈ উলিয়াই দিছে৷ আনহাতে মাজুলীৰ ভকত চাপৰিৰ গুড়ে দখল কৰিছে ভোগালী বজাৰ৷ যোৰহাট, গোলাঘাট, শিৱসাগৰ, গৌৰীসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমৌ, মৰাণ, উত্তৰ অসমৰ লখিমপুৰ, ধেমাজি, ঢকুৱাখানাকে ধৰি অসমৰ অন্যান্য স্থানত মাজুলী ভকত চাপৰিৰ গুড়ে সুকীয়া চাহিদা লাভ কৰিছে৷ ভকত চাপৰিৰ ১৬ খন গাঁৱৰ চাৰিশতাধিক পৰিয়ালে দিনে-নিশাই কুঁহিয়াৰ উৎপাদন কৰি ভোগালী বজাৰলৈ উলিয়াই দিছে৷