সোণোৱালী আঘোণৰ পিছত শেষ পুহে কুঁৱলীৰ আঁৰত সিঁচি দিছে ঠেঁটুৱৈ লগা শীত৷
হিমসনা শীতত ম’হৰ শিঙো কঁপি উঠিছে
হাড় কঁপোৱা শীতৰ লগতে চাৰিওফালে বগা চাদৰ যেন কুঁৱলীৰ আচ্ছাদন৷
পুৱাৰ পৰা বিয়লি পৰ্যন্ত দেখাদেখি নাই দিনমণিৰ৷
হাড় কঁপোৱা শীতত যেন কুঁৱলীৰ চাদৰ লৈ আকাশৰ কোনোবা কোণত ব্যস্ত সূৰ্য দেৱতা৷
আঘোণত সোণালী হৈ পৰা ধাননি পথাৰো এতিয়া উদং৷ উদং পথাৰত আমন-জিমনকৈও চৰি থাকে এৰাল দিয়া গৰু-গাই৷ কুঁৱলীয়ে আৱৰি ৰখা নৰাৰ পথাৰত মুকুতা হৈ জিলিকি থাকে পুহৰ নিয়ৰ কণিকা৷
তাৰ মাজতেই এৰি দিয়া গৰু-গাইৰ আমন-জিমন বিচৰণ৷ মাজত সাপ এটাৰ দৰে দীঘল দি পৰি থাকে পথাৰৰ মাজৰ আলিবোৰ৷
সেই আলিৰেই হেঁপাহৰ লগতে চহা বাপতি সাহোন পৰম্পৰাৰ হাতত ধৰিয় পুহৰ শেষত প্ৰতিঘৰ অসমীয়াৰ চোতাল ভৰি পৰে৷
ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকাৰে পৰা বিভিন্ন উপকৰণেৰে পৰিপূৰ্ণ হয় আখল৷ কৃপণ বুলি পৰিচিত গাঁৱৰ বিশেষ লোকজনো ভোগালীৰ বতৰত হৈ পৰেউদাৰ৷ সকলোৱে খাই, সকলোকে খুৱায়৷
এতিয়া আলোড়নমুখী হোৱা অসমীয়াই উছাহতেই মেজি সাজি এসাঁজ খোৱাৰ মহা আয়োজন কৰে৷
… এই পৰম্পৰায়েই যে অসমীয়াক জাতি হিচাপে স্বকীয়তাৰে জীয়াই ৰাখিছে৷ অসমীয়া এনে এটা সমৃদ্ধ জাতি, যি কঙালীৰ দুখৰ পিছৰ ভোগকো ভোগালীৰে উদযাপন কৰিব জানে৷
আহকচোন, আমি শপত লওঁ- আমি জীয়াই ৰাখিম অসমীয়াক৷ জীয়াই ৰাখিম অসমক৷ বিহুটো যাওক, তাৰ পিছত হাতে-কামে লাগিম৷ মুঠতে অসমক অসমীয়াৰ কৰিয়েই ৰাখিম৷
আহকচোন…