বিৰোধীৰ কাজিয়াই সহজ কৰিব নেকি বিজয়ৰ পথ?

ফাকে ফাকে সৰকি যাব বিজেপি
প্ৰায় ২৫ বছৰৰ পিছত দিল্লীত হ’ব বিজেপি চৰকাৰ
এই সম্ভাৱনাই সম্প্ৰতি উজ্জ্বল হৈ পৰিছে৷ দিল্লীত আপ আৰু কংগ্ৰেছৰ কন্দল যিমানে বাঢ়িছে সিমানে অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে৷
আনকি নতুন দিল্লী সমষ্টিতে পৰাজয়ৰ শংকাত ভুগিছে অৰবিন্দ কেজৰিৱাল৷ গতিকে তেওঁ দ্বিতীয়টো সমষ্টিতো অৱৰ্তীণ হোৱাৰ সিদ্ধান্ত লৈছে৷
ইণ্ডিয়া মৰ্চা থকাৰ পিছতো দিল্লীত আপে কংগ্ৰেছক ইতিমধ্যে এলাগি কৰিছে৷ কিন্তু অকলে শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ বিপদত পৰিছে আপ৷
ইতিমধ্যে দিল্লীত প্ৰধানমন্ত্ৰীয়ে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিছে৷ তেওঁ এইবাৰ ইছ্যু কৰি লৈছে অৰবিন্দ কেজৰিৱালৰ বহুচৰ্চিত প্ৰাসাদোপম অট্টালিকাক৷ জনতাৰ ধন আত্মসাৎ কৰি কেজৰিৱালে নিজৰ বাবে ছিছমহল নিৰ্মাণ কৰাৰ অভিযোগ তুলিছছে মোদীয়ে৷
দিল্লীৰ আপ চৰকাৰক আপদৰ চৰকাৰ বুলিও বৰ্ণনা কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ নিৰ্বাচনী সভাত কৈছে
এবাৰ… মাত্ৰ এবাৰ বিজেপিক সুযোগ দিয়ক
মোদীৰ নাটকীয় সংলাপৰ সন্মুখত দিল্লীত নিস্তেজ হৈ পৰিছে আপ৷ একেসময়তেজিকিব নোৱাৰিলেও কেজৰিৱালক পানী খুওৱাৰ বাবে দিল্লীত উঠি-পৰি লাগিছে কংগ্ৰেছ৷ অলকা লাম্বাক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰি কংগ্ৰেছে সকলো সমষ্টিতে প্ৰচাৰ চলাইছে৷
আপক পৰাভূত কৰাৰ বাবে জেদ ধৰিয়েই নিৰ্বাচনী ৰণত অৱৰ্তীণ হৈছে কংগ্ৰেছ৷ দলটোৰ সকলো পৰ্যায়ৰ নেতাই দিল্লীত প্ৰচাৰ চলাইছে৷ অৱশ্যে কৌশলেৰে প্ৰচাৰৰ পৰা আঁতৰি আছে ৰাহুল গান্ধী৷
কিন্তু বিজেপিয়ে দিল্লীত সৰ্বশক্তি প্ৰয়োগ কৰিছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং বাৰ্মাৰ পুত্ৰ প্ৰৱেশ বাৰ্মাক বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে৷
কিন্তু বিজেপিৰ বাবে নিৰ্বাচন সহজ কৰি তুলিছে কংগ্ৰেছ আৰু আপৰ কন্দলে৷ দুয়োটা দলৰ মতানৈক্যৰ ফলত বিৰোধীৰ ভোটবেংকৰ বিভাজন অৱধাৰিত হৈ পৰিছে৷
তাৰ মাজতে জ্বলা জুইত ঘিঁউ ঢালি মোদীয়ে চলাই আছে প্ৰচাৰ৷ তেওঁ কেজৰিৱালক প্ৰতাৰক আখ্যা দিছে৷
একেসময়তে কংগ্ৰেছেও কেজৰিৱালকে আক্ৰমণ কৰিছে৷ দলটোৱে কেজৰিৱালক খুজলিৱাল বুলি উপনাম দিছে৷
হাল এৰি শিয়াল খেদি ফুৰাৰ দৰে দুয়োটা দলে নিজৰ মাজতে যুদ্ধ কৰি আছে৷ গতিকে বিজেপিৰ বাবে যুদ্ধ হৈ পৰিছে সহজ৷ সুষমা স্বৰাজৰ পিছত দিল্লীত বিজেপিৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ হৈ পৰিছে প্ৰশস্ত৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email