উস… প্ৰেমে যে মানুহক কি কৰি পেলাব পাৰে
প্ৰেমৰ বাবে সৰ্বস্ব সঁপি দি দি প্ৰেমাস্পদ হৈ পৰে ভাগৰুৱা-অৱশ-ক্লান্ত
এনে সৰ্বগ্ৰাসী ক্লান্তিয়েই বৰ্তমান হেঁচা মাৰি ধৰিছে যজুৰ্ৱেন্দ্ৰ চহলক৷ টীম ইণ্ডিয়াৰ চাইনামেন স্পীনাৰ চহলক এৰি যাবলৈ ওলাইছে প্ৰিয়তমা পত্নী ধনশ্ৰী বাৰ্মা৷
এতিয়াই নাযাবা না
বুলি চহলে কৰা বাৰম্বাৰ অনুৰোধকো নেওচি গুচি যাবলৈ মন বান্ধিছে ধনশ্ৰীয়ে৷
পিছে সপোনাৰ প্ৰিয়তমাক হেৰুওৱাৰ ভয়ত মদপী হৈ পৰিছে চহল৷ শেহতীয়াকৈ কেবাটাও ভিডিঅ’ত দেখা গৈছে চহলৰ থৰক-বৰক খোজ৷ মদৰ নিচাত খোজেই কাঢ়িব নোৱাৰা চহলক গাড়ীত উঠাই দিছে বন্ধুৱে৷ ধৰি ধৰি গাড়ীলৈ নিছে চহলক৷
কিন্তু বিচ্ছেদ নিশ্চিত হোৱাৰ সময়ত কেবাটাও প্ৰশ্ন উত্থাপিত হৈছে৷ হঠাতে চহল আৰু ধনশ্ৰীৰ সোণৰ সংসাৰত কি কেৰোণ লাগিল- সেয়া ভাবি সকলো হৈ পৰিছে হতবাক৷
সেই প্ৰশ্নৰো উত্তৰ দিছে চহলৰ ঘনিষ্ঠ মহলে৷ তেওঁলোকৰ মতে ধনশ্ৰী বাৰ্মাক সন্তুষ্ট কৰিব নোৱাৰিলে যজুৰ্ৱেন্দ্ৰ চহলে৷ স্পীনাৰ চহলে পত্নীক শাৰিৰীক সুখ দিব নোৱাৰিলে৷ ধনশ্ৰীয়ে বিচৰা সুখ দিয়াত ব্যৰ্থ হ’ল চহল৷
ক্ষীণকায় খেলুৱৈজনে সুন্দৰী পত্নীক সকলো দিশৰ পৰাই সুখী কৰি ৰাখিবলৈ চেষ্টা চলাইছিল৷ পিছে সকলো পোৱাৰ পিছতো এটা দিশেৰে অতৃপ্ত হৈ থাকিল ধনশ্ৰী৷ তেওঁ নাপালে পৰম সুখ৷
কিন্তু ধনশ্ৰীয়ে পৰপুৰুষৰ সৈতে সম্পৰ্ক কৰা বুলি নিশ্চিত হৈছে চহল৷ সংবাদ মাধ্যমৰ মতেও প্ৰতীক উটেকৰৰ সৈতে ধনশ্ৰীৰ সম্পৰ্ক হৈছে৷
মুম্বাইৰ কৰিঅ’গ্ৰাফাৰ প্ৰতীকৰ সৈতে ধনশ্ৰীক কেবাখনো ফটোত একেলগে দেখা গৈছিল৷ প্ৰতীকৰ বাহুবন্ধনত আবদ্ধ ধনশ্ৰীয়ে হাস্যবদনেৰে কেমেৰাৰ সন্মুখত দিছিল প’জ৷
শেহতীয়াকৈ ইনষ্টাগ্ৰামৰ এটা প’ষ্টত ধনশ্ৰীয়েও প্ৰতীকৰ সৈতে শীঘ্ৰে বিবাহৰ ইংগিত দিছে৷ দন্ত চিকিৎসক হৈয়ে নৃত্যৰ কেৰিয়াৰ বাছনি কৰা ধনশ্ৰীয়ে প্ৰতীকৰ সৈতে নৈশযাপন কৰা বুলিও বাতৰি প্ৰকাশ কৰিছে মুম্বাই সাংবাদিকে৷
একেসময়তে যজুৰ্ৱেন্দ্ৰ চহলো আন প্ৰেয়সীৰ বাহুত সোমাইছে বুলি ওলাইছে বাতৰি৷ আৰ জে মাহৱাছ নামৰ এগৰাকী ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ সৈতে চহলৰ নাম সাঙোৰ খাইছে৷ কিন্তু কোনো পক্ষই এই খবৰৰ সত্যতা স্বীকাৰ কৰা নাই৷
গতিকে চহল আৰু ধনশ্ৰীৰ বিচ্ছেদৰ কথাটো হৈ আছে অস্পষ্ট৷ কিন্তু একমাত্ৰ ধনশ্ৰীয়ে শাৰিৰীক সুখ নোপোৱাৰ বাবেই যে চহলৰ পৰা আঁতৰি যাবলৈ ওলাইছে সেয়া হৈ পৰিছে স্পষ্ট৷