PVC পাইপেৰে বস্তা ফুটাই চুৰি কৰিছে চাউল
আগতে সমবায়ৰ কৰ্মচাৰীয়ে বস্তা পেলাই চাউল উলিয়াইছিল৷ ট্ৰাকৰ পৰা গুডামলৈ দলিয়াই দিছিল বস্তা৷
বস্তা ফাটি যাতে চাউল ওলাই যায় তাৰ বাবে অৱলম্বন কৰিছিল সেই কৌশল৷ কিন্তু এতিয়া পুৰণি বুদ্ধিৰে চাউল চুৰি কৰিব নোৱাৰা হ’ল৷
পিছে চৰকাৰী চাউল চুৰি কৰাৰ নতুন উপায় অৱলম্বন কৰিছে চোৰে৷ খাদ্য সুৰক্ষাৰ চাউল জনতাক বিতৰণৰ বাবে নিয়ম সময়ত ট্ৰাকতে চোৰে ফুটাইছে চাউলৰ বস্তা৷
চাউল চুৰি কৰিবলৈ চোৰৰ অস্ত্ৰ হৈছে এডাল PVC পাইপ৷ চাউল কঢ়িওৱা প্ৰতিখন গাড়ীতে থাকে এইডাল পাইপ৷
চোৰে সাধাৰণতে মৰাপাটৰ চৰকাৰী চাউলৰ বস্তাত PVC পাইপ জোঙা অংশেৰে খোচ মাৰি ফুটাই দিয়া৷ তাৰ পিছত পাইপেৰে ওলোৱা চাউল আন এটা বস্তাত ধৰে৷
এই ধৰণেৰে চুৰি ট্ৰাক চলি থকা অৱস্থাতে কৰা হয়৷ ট্ৰাকতে পেলায়ো বস্তাৰ পৰা উলিয়ায় পেলাই চাউল৷
এনে অপকৰ্মৰ সময়তে যোৰহাটৰ ভোগদৈ নদীৰ দলঙৰ ওচৰতে অলপতে এটা চোৰক চাউলৰ বস্তাই হেঁচা মাৰি ধৰিছিল৷
তথাপি কমা নাই চলন্ত ট্ৰাকৰ বস্তা ফুটোৱাৰ কাম৷