আধাখিনি মানুহেও কিতাপ কিনা নাই

খানাপাৰা ফিল্ডৰ অসম গ্ৰন্থমেলা শেষ হ’ল৷ তাৰ পিছতে ওলাইছে কিতাপৰ সফল বেপাৰৰ কথা৷ গ্ৰন্থমেলাত ৭ কোটি টকাৰ কিতাপ বিক্ৰী বৃহৎ সফলতা বুলিও বহুতে বৰ্ণনা কৰিছে৷
বাৰু শুনক
আমি ধৰি ল’লো প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত ৭ কোটি টকাৰ কিতাপেই বিক্ৰী হ’ল৷ এইবাৰ আনবাৰতকৈ বহু বেছি টকাৰ গ্ৰন্থ বিক্ৰয় হৈছে৷
ধৰি ল’লোঁ, এখন কিতাপৰ দাম ৩০০৷ সেই হিচাপে গ্ৰন্থমেলাত ২ লাখ ৩৪ হাজাৰ গ্ৰন্থ বিক্ৰী হ’ল৷ অৰ্থাৎ সন্মিলিতভাৱে প্ৰায় ২ লাখ ৪০ হাজাৰ কিতাপ বিক্ৰী হ’ল৷
কিন্তু অসম গ্ৰন্থমেলাত সমৱেত হোৱা মানুহৰ সংখ্যা এই পৰিমাণতকৈ যথেষ্ট বেছি৷ খানাপাৰাৰ গ্ৰন্থমেলাত দিনে ২০ হাজাৰোধিক গ্ৰন্থপ্ৰেমী গোট খাইছিল৷
অনুষ্ঠিত হৈছিল মনোজ্ঞ অনুষ্ঠান৷ ছেলফি পইণ্টৰ পৰা আড্ডাস্থলীলৈ সৰ্বত্ৰ দেখা গৈছিল গ্ৰন্থপ্ৰেমীৰ ভিৰ৷ গতিকে সেই হিচাপত দৈনিক পৰিসংখ্যালৈ মন কৰিলেও গ্ৰন্থমেলাৰ কেইদিন খানাপাৰাৰ ফিল্ডত কমেও ৫ লক্ষাধিক লোকে খোজ পেলালে৷
সেইসকলৰ আধাখিনিয়েও কিন্তু নিকিনিলে কিতাপ৷ গতিকে ৭ কোটি টকাৰ কিতাপ বিক্ৰী বিশেষ আশাব্যঞ্জক খবৰ বুলিব নোৱাৰি৷
পৰিসংখ্যা মতেই এইবাৰ কিতাপৰ বিক্ৰী বঢ়া নাই৷ কেৱল কিতাপৰ দাম বৃদ্ধি হোৱা বাবে মুঠ পৰিসংখ্যাটো বেছি হৈছে৷
অৰ্থাৎ এইবাৰ বিক্ৰী হোৱা কিতাপৰ সমানেই যোৱাবাৰো বিক্ৰী হৈছিল৷ পিছে সেইবাৰ কিতাপৰ দাম কিছু কম আছিল৷ যাৰ বাবে ৭ কোটি টকা হোৱগৈ নাছিল মুঠ বিক্ৰয় মূল্য৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email