পদৰ সন্মান ৰক্ষাত বিফল হৈছে কংগনা ৰানাৱট৷ সাংসদ হোৱাৰ পিছতো চুটি কাপোৰ পিন্ধিবলৈ এৰা নাই কংগনাই৷ বলীউডৰ পৰা লোকসভাত প্ৰৱেশ কৰা কংগনাই এতিয়াও অভিনেত্ৰীৰ দৰেই আচৰণ কৰিছে৷ তেওঁৰ বাবে মৰ্যাদা হানি হৈছে পৱিত্ৰ সদনৰ৷
বিজেপি সাংসদগৰাকীয়ে বৰ্তমানো কৰি আছে অভিনয়৷ কেবাখনো নতুন চিনেমাৰ শ্বুটিং কৰিয়েই আছে কংগনাই৷ ইতিমধ্যে মুক্তিৰ বাবে সাজু হৈছে ইমাৰ্জেন্সী৷ কংগনাই সেইখন চিনেমাত ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে৷
চিনেমাখনৰ প্ৰিমিয়াৰ শেহতীয়াকৈ অনুষ্ঠিত হৈছে৷ কিন্তু প্ৰিমিয়াৰত কংগনাই পিন্ধা পোছাকে সকলোকে কৰি তুলিছে স্তম্ভিত৷ বিশেষকৈ কংগনাই পৰিধান কৰা মিনিস্কাৰ্টে আচৰিত কৰি তুলিছে নেটিজেনক৷
পূৰ্বেও বলীউডৰ কেবাগৰাকী নামজ্বলা অভিনেত্ৰীয়ে সদনত প্ৰৱেশ কৰিছিল৷ কিন্তু সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁলোকে পিন্ধিবলৈ ভাৰতীয় পোছাক৷ কিন্তু কংগনাই একো নিয়মেই মনা নাই৷
বিগত সময়ত সাংসদ হৈ অভিনেতা গোবিন্দই চিনেমাৰ কেৰিয়াৰ ত্যাগ কৰিছিল৷ সাংসদ হৈ থকা সময়ছোৱাত তেওঁ কৰা নাছিল এখনো চিনেমাৰ শ্বুটিং৷ কিন্তু কংগনাই মিনিস্কাৰ্ট পিন্ধি চিনেমাৰ শ্বুটিং কৰি আছে৷ সদনৰ গৰিমা হ্ৰাস কৰিছে কংগনাই৷