অসম পুলিচৰ কিয় এই গতি হ’ল?

অসমতহে ৰজা, বাহিৰত কিন্তু ভিজা মেকুৰীৰ নিচিনাই অসম পুলিচৰ অৱস্থা
নগাৰ ওচৰত ছাৰেণ্ডাৰ কৰি ঘূৰি আহিল অসম পুলিচৰ দলটো৷ টীয়ক আৰু যোৰহাট সদৰ থানাৰ সন্মিলিত দলটোৱে খতপত্ৰত চহী কৰিহে কোনোমতে উভতি আহিবলগীয়া হোৱাৰ পিছত প্ৰকাশিত হৈছে একাধিক কাৰণ৷
প্ৰসেন নায়ক কামৰ অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত নাগালেণ্ডৰ য়াচাং বস্তিৰ পৰা পুলিচে ধৰিবলৈ গৈছিল মইনা দাসক৷ কিন্তু তেতিয়াই নগাই ধৰি-বান্ধি থৈ দিছিল যোৰহাট পুলিচৰ DSPৰ লগতে কেবাজনো জোৱানক৷
তাৰে এজন নগাৰ দাৰ ঘাপত আহত হৈ চিকিৎসালয়ত আছে৷ সেইজনৰ দেহত পৰিছে ১৬টা চিলাই৷
কিন্তু জিপি সিঙৰ পুলিচে কি ভুল কৰিলে যাৰ বাবে নগাই দুঃসাহস প্ৰদৰ্শন কৰিলে?
প্ৰথম কথাটো হৈছে যে অসম আৰক্ষীৰ দলটোৱে পুলিচৰ ইউনিফৰ্ম পিন্ধি নাগালেণ্ডত অভিযান চলাবলৈ যোৱা নাছিল৷ তেওঁলোক নাছিল আৰক্ষীৰ স্পেচিয়েল শাখাৰ সদস্যও৷
তথাপি আৰক্ষীৰ দলটো চিভিল ড্ৰেছত নাগালেণ্ডলৈ গৈছিল৷
দ্বিতীয়তে অভিযানৰ বিষয়ে নাগালেণ্ডৰ আৰক্ষীৰ সৈতেও যোগাযোগ কৰা হোৱা নাছিল৷ সচৰাচৰ ৰাজ্যৰ ভিতৰতে আৰক্ষীয়ে আন থানাৰ এলেকাৰ অন্তৰ্গত এলেকাত অভিযান চলালে আগতীয়াকৈ যোগাযোগ কৰে৷
অৰ্থাৎ কৰ্তৃত্ব নথকা এলেকাত অনুমতিবিহীনভাৱে প্ৰৱেশ নকৰে আৰক্ষীয়ে৷ পিছে এইবাৰ অসম পুলিচে সাংঘাতিক ভুল কৰি পেলালে৷
খবৰ অনুসৰি উপস্থিত হোৱাৰ পিছতহে তেওঁলোকে গাঁওৰক্ষী বাহিনীৰ সৈতে যোগাযোগ কৰিছিল৷ তাৰ পিছত য়াচাং বস্তিৰ চেয়াৰমেনৰ সৈতে ফোনত যোগাযোগৰ চেষ্টা চলাইছিল৷
অৰ্থাৎ তাৰ আগলৈ যোগাযোগ কৰা নাছিল অসম পুলিচৰ দলটোৱে৷ সেয়ে নাগালেণ্ডত তেওঁলোক অপমানিত হ’ল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email