হাঁহৰ মাংস বন্ধ কৰিলেহে গুণোৎসৱ কামত আহিব৷
অন্যথা গুণোৎসৱৰ সময়ত হেডমাষ্টৰে পেট চোঁচৰা হাঁহ আৰু শালত বোৱা গামোচা কিনি থাকোতেই যাব৷
অবিশ্বাস্য হ’লেও সত্য- গুণোৎসৱৰ সময়ত গাঁৱে গাঁৱে নতুন ধান খোৱা তেলাল হাঁহ বিচাৰি ফুৰে অসমৰ শিক্ষকে৷ তদুপৰি আগতীয়াকৈ যোগাৰ কৰি ৰাখে শালত বোৱা গামোচা৷ দাম ভৰি হ’লেও হেডমাষ্টৰে সংগ্ৰহ কৰে এইবোৰ বস্তু৷
কাৰণ বৰ্হি নিৰীক্ষকক স্কুলে খুৱাই ৰাজকীয় আহাৰ৷ স্কুলৰ গে’টতে গামোচা পিন্ধাই আদৰণি জনোৱাৰ পিছত হাঁহে-মাহে এসাঁজ দবনি পিটি খুৱাব লাগে বিদ্যালয় কৰ্তৃপক্ষই৷ পকেটৰ ধন খৰচ কৰি হ’লেও বৰ্হি নিৰীক্ষকক এসাদ ভালকৈ খুৱাবলৈ কুণ্ঠাবোধ নকৰে স্কুল হেডমাষ্টৰে৷
কাৰণ তেওঁলোকৰ সন্তুষ্টিৰ ওপৰতে নিৰ্ভৰ কৰে গ্ৰেড৷ এ গ্ৰেড পাবলৈ বৰ্হি নিৰীক্ষকক সন্তুষ্ট কৰাটো দায়িত্ব বুলিয়েই গণ্য কৰে স্কুল কৰ্তৃপক্ষই৷
যদি ভোজৰ ব্যৱস্থা নিষিদ্ধ কৰি দিয়া নহয় তেন্তে গুণোৎসৱে অসমৰ শিক্ষা ব্যৱস্থাৰ একো উন্নতি কৰিব নোৱাৰে৷
শেহতীয়াকৈ কেবাজনো বৰ্হি নিৰীক্ষকৰ বাবে বিদ্যালয়ে আয়োজন কৰা ভোজৰ খবৰ আমি লাভ কৰিছোঁ৷ যি ঘটনাৱলীয়ে প্ৰমাণ কৰিছে গুণোৎসৱৰ নামত বহুৱালি৷
যদি ভোজ নিষিদ্ধ কৰা নহয় তেন্তে গুণোৎসৱ বৰ্হি নিৰীক্ষকৰ বাবে আয়োজিত ভোজেই হৈ থাকিব৷ স্কুলৰ গে’টত কলপুলি পুতি বিয়াঘৰৰ দৰে পৰিৱেশ কৰি হেডমাষ্টৰে সন্তুষ্ট কৰিব নিৰীক্ষকক৷