বিহুৰ আগতে বিছনাত পৰিল দেই

জেতুকী জেঠাই বিছনাত পৰিল
ডাক্টৰেও জেতুকী জেঠাইক ঘৰতে ৰাখিবলৈ কৈছে
ডাঙৰটো পুতেকে এতিয়া হালধি বান্ধি দিছে
আগতে মাঘৰ বিহুৰ আগতে প্ৰতিখন গাঁৱতে এনেধৰণৰ কিছুমান কথা চলে৷ কাৰণ বিহুৰ পিঠা-পনা গোটোৱাৰ সময়তে প্ৰতিবাৰেই ঢেঁকীয়ে খুন্দে এগৰাকী মহিলাৰ হাত৷ ভোগালীৰ আনন্দ ম্লান পেলাই প্ৰত্যেকখন গাঁৱতে ঘটে এই অঘটনটো৷
চুবুৰীৰ সবাতোকৈ মৰমীয়াল মহিলাগৰাকীয়ে উৰুকালৈ এসপ্তাহ থাকোতেই আৰম্ভ কৰে পিঠা আৰু জলপানৰ যোগাৰ৷
গুৰি চালনীখন গোটাই জেতুকী জেঠায়ে ৰ’দত দিয়ে ভঁৰালৰ ন-ধান৷ দেশৰ মানে চাউল তিয়াই তেওঁ খুন্দে পিঠাগুৰি৷
কিন্তু উৰুকালৈ দুদিন থাকোতেই অঘটন ঘটাটো গাঁৱবোৰৰ নিয়মেই আছিল৷ প্ৰতিবাৰ মাঘৰ বিহুৰ সময়তে ঢেঁকীৰ খুবলীৰ পৰা পিঠাগুৰি উলিওৱাৰ সময়তে থোৰাৰ প্ৰচণ্ড কোব পৰে এগৰাকী মহিলাৰ হাতত৷
বয়সীয়া মহিলা প্ৰায়ে সেইটো আঘাতৰ লেচু লৈয়েই আঁতৰি গৈছিল৷ ঢেঁকীয়ে হাত খুন্দা মহিলাগৰাকীয়ে দুমাহলৈ ঘৰতে লেকাট ভুঞ্জি পৰি থাকে৷
কিন্তু মিক্সাৰ গ্ৰাইণ্ডাৰে জেতুকী জেঠাইহঁতৰ হাত খুন্দাৰ ভয় নোহোৱা কৰিলে৷ আগৰ দৰে প্ৰতিটো মাঘবিহুৰ আগেয়ে আজিকালি গাঁৱত নহয় ঢেঁকীয়ে হাত খুন্দাৰ দৰে অঘটন৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial