পৰিকল্পনা ভয়ংকৰ মোদীৰ

দেশৰ সম্পত্তি বেচি বেচি শেষ হোৱা নাই
নৱবৰ্ষত মোদীয়ে বেচিব গাঁও
গোটে গোটে এখন গাঁৱেই বেচি দিব প্ৰধানমন্ত্ৰীয়ে
দেশৰ সম্পত্তি বিক্ৰী কৰি কৰি শেষ হোৱা নাই৷ গতিকে প্ৰধানমন্ত্ৰীয়েও সম্পত্তি বিক্ৰীৰ পৰিকল্পনা কৰিয়েই আছে৷
এইবছৰ মোদী চৰকাৰে সমগ্ৰ দেশজুৰি গাওঁ বিক্ৰী অভিযানৰ পৰিকল্পনা কৰিছে৷
এই সম্পৰ্কত যোৱাবছৰেই কেন্দ্ৰীয় পঞ্চায়ত সচিব সুনীল কুমাৰে সকলো ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷
এই নিৰ্দেশ অনুসৰি পঞ্চায়তসমূহৰ উন্নয়নৰ কাম-কাজ আৰু প্ৰতিনিধি তথা কৰ্মচাৰীৰ দৰমহাৰ খৰচ গাঁও পঞ্চায়তে নিজে উপাৰ্জন কৰিব লাগিব৷
কিন্তু প্ৰশ্ন হল-এখন গাঁও পঞ্চায়তৰ উন্নয়নৰ কাম-কাজ আৰু কৰ্মচাৰীৰ দৰমহা কেৱল গাঁও বাসীৰ পৰা খাজনা সংগ্ৰহ কৰি জোৰা মৰাটো সম্ভৱনে?
যদি এই নীতি প্ৰৱৰ্তিত হয় তেন্তে অসমৰ সকলো গাঁও পঞ্চায়তে নিজাকৈ ধন উপাৰ্জান কৰিব লাগিব৷ অৰ্থাঁ সকলো স্বাৱলম্বী হ’বই লাগিব৷
তেনে পৰিস্থিতি গাঁৱৰ ৰাস্তাতো বহুৱাব লাগিব টোলগে’ট৷
গতিকে এই পৰিস্থিতিত পঞ্চায়ত পৰিচালনা কৰিবৰ বাবে পঞ্চায়তৰ হাতত এটাই পথ থাকিব – গাঁৱৰ মাটি বিক্ৰী কৰা৷
অৰ্থাৎ গাঁৱৰ মাটি পাঞ্চায়তে উদ্যোগপতিক বিক্ৰী কৰিব লাগিব৷ গাঁও পঞ্চায়তৰ অধীনস্থ স্কুল-কলেজো উদ্যোগপতিৰ ওচৰত বিক্ৰী কৰিব লাগিব পঞ্চায়তে৷
অৰ্থাৎ বিক্ৰী হৈ যাব গাওঁ৷ শেষ হৈ যাব গাঁও৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email