ভূমিকম্পই জোকাৰি পেলাব অসম
প্ৰাকৃতিক দুৰ্যোগে মোহাৰি পেলাব উত্তৰ-পূৰ্বাঞ্চল
সত্য কথা, ভূমিকম্পৰ ভৱিষ্যদ্বাণী কোনেও কৰিব নোৱাৰে৷ বৰ্তমানপৰ্যন্ত এয়া অসম্ভৱ৷
কিন্তু মানুহে নোৱাৰিলে প্ৰাণীজগতৰ কিছু আচহুৱা আচৰণে দিয়ে প্ৰাকৃতিক দুৰ্যোগৰ সংকেত৷ ঘৰৰ গৰুজনীৰ পৰা সাপলৈ সকলোৱে উমান পায় সম্ভাৱ্য বিপদৰ৷
পুৰণি পুথি-পাজিত এনে সংকেতৰ উল্লেখ আছে৷ তেনে কিছু সংকেতেই এইবাৰ পিছে প্ৰতিফলিত হৈ পৰিছে৷ দুৰ্যোগৰ গোন্ধ পাইছে প্ৰাণীজগতে৷
মন কৰিবচোন, এইবাৰ এতিয়ালৈ সাপ ওলায়েই আছে৷ বহু ঠাইত সাপ ধৰি আছে উদ্ধাৰকাৰীয়ে৷ কিন্তু সচৰাচৰ শীতকালৰ লগে লগে সাপকে ধৰি সৰীসৃপ প্ৰাণীবোৰ গাঁতত সোমায়৷ এইছোৱা সময়ত শীতনিদ্ৰাত থাকে সাপ৷
কিন্তু এইবাৰ সৰ্প ওলায়েই আছে৷ গৰম কালিৰ দৰে য’তে ত’তে ওলাইছে সাপ৷
পুৰণি পুথিত শীতকালি সাপ গাঁতত নোসোমোৱাটো বিপদৰ চিন বুলি উল্লেখ আছে৷
আনহাতে সচৰাচৰ ভাদ মাহেই হৈছে কুকুৰৰ সংগমৰ ঋতু৷ পিছে এইবাৰ এতিয়াও কুকুৰৰ-মেকুৰীৰ সম্ভোগৰ ইচ্ছা শেষ হোৱা নাই৷
এনে ঘটনাৱলী ১৯৫০ চনৰ ভূমিকম্পৰ পূৰ্বেও দৃশ্যমান হৈছিল৷ গতিকে এইবাৰো সম্ভৱতঃ বিপজ্জনক পথেৰে অগ্ৰসৰ হৈছে অসম৷