যিদিনাই অনুষ্কা শৰ্মা দৰ্শকৰ শাৰীত বহি থাকে, সেইদিনাৰ মেচতে হাৰি টীম ইণ্ডিয়া৷ বিৰাট কোহলিৰ পত্নীয়ে খেল চাবলৈ গ’লেই দল পৰাজিত হয়৷ এই কথাটো আমি কোৱা নাই, কিন্তু ইতিমধ্যে সত্য প্ৰমাণিত হৈছে৷
এতিয়া শুনিব
২০২৩ৰ ছেপ্টেম্বৰত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলিছিল৷ সেইদিনা গেলাৰীত বহি আছিল অনুষ্কা শৰ্মা৷ সেই সময়ত অনুষ্কা আছিল গৰ্ভৱতী৷ তেতিয়া তেওঁ এটা ফুলবছা চোলা পিন্ধি চাইছিল ফাইনেল৷
কিন্তু অনুষ্কা উপস্থিত থকা দিনটোতে ভাৰতৰ বিজয়ৰ অনিৰুদ্ধ গতিৰ অৱসান ঘটিল৷ ফাইনেলত ভাৰত হাৰিল৷
তাৰ পিছত হৈছিল টি-২০ বিশ্বকাপ৷ সেইদিনা কিন্তু অনুষ্কা গেলাৰীত উপস্থি নাছিল৷ পিছে মেচখনত ভাৰত জিকিল৷
এইবাৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ যিকেইখন মেচৰ সময়ত অনুষ্কা গেলাৰীত বহিছে, সেইকেইখনতে ভাৰত হাৰিছে৷
কেৱল সেয়াই নহয়
টীম ইণ্ডিয়াৰ নতুন তাৰকা নীতিশ ৰেড্ডীয়ে শতৰান কৰি দলত ৰাজকীয়ভাৱে প্ৰৱেশ কৰিছিল৷ তেতিয়া অষ্ট্ৰেলিয়াতে আছিল নীতিশৰ পৰিয়াল৷ মেচৰ শেষত নীতিৰ পিতৃ-মাতৃয়ে অনুষ্কাক সাক্ষাৎ কৰিলে৷
তাৰ পিছৰ মেচখনৰ দুয়োটা ইনিংছতে নীতিশ শূন্যতে আউট হ’ল৷ গতিকে ভাবি চাওক!