কংগ্ৰেছক আকৌ মাধমাৰ

নিৰ্ণায়ক ক্ষণত মোদীয়ে খেলিলে মাষ্টাৰষ্ট্ৰ’ক৷ ড: মনমোহন সিঙক প্ৰাপ্য সন্মানৰ পৰা কেন্দ্ৰই বঞ্চিত কৰা বুলি কংগ্ৰেছৰ অভিযোগৰ পৰত কেন্দ্ৰই প্ৰণৱ মুখাৰ্জীৰ স্মাৰক সাজিবলৈ গ্ৰহণ কৰিলে সিদ্ধান্ত৷ প্ৰয়াত ৰাষ্ট্ৰপতিৰ কন্যাই উক্ত প্ৰসংগত দলৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰাৰ পিছতে চৰকাৰে আজি চূড়ান্ত ঘোষণা কৰিছে৷
তদানুসৰি ৰাজঘাটত জাতিৰ পিতাৰ সমাধিৰ দাঁতিতে নিৰ্মাণ কৰা হ’ব একালৰ ভাৰতীয় ৰাজনীতিৰ চাণক্য প্ৰণৱ মুখাৰ্জীৰ স্মৃতিসৌধ৷ ইতিমধ্যে চৰকাৰে স্মৃতিস্থল হিচাপে নামকৰণ কৰা উক্ত এলেকাতে দেশৰ সকলো প্ৰয়াত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ স্মাৰক নিৰ্মাণ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে৷ আজি বিষয়টো সন্দৰ্ভত প্ৰয়াত মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠাই কেন্দ্ৰৰ পৰা আনুষ্ঠানিক পত্ৰ সংগ্ৰহ কৰিছে৷ এক্সযোগে সদৰী কৰা অনুযায়ী পিতৃৰ সমাধি নিৰ্মাণৰ প্ৰসংগত শৰ্মিষ্ঠাই সাক্ষাৎ কৰিছিল প্ৰধানমন্ত্ৰীক৷ উক্ত আলোচনাৰ সময়ত মোদীয়ে শৰ্মিষ্ঠাক প্ৰণৱ মুখাৰ্জীৰ সৌধ সজাৰ প্ৰতিশ্ৰুতি দিছে৷ ২০২০ চনত ইহলীলা সম্বৰণ কৰা ভূতপূৰ্ব ৰাষ্ট্ৰপতিজনৰ সৌধ নিৰ্মাণৰ ঘোষণা কিন্তু চৰকাৰৰ কৌশলী ৰাজনীতি হিচাপেও অভিহিত কৰিব পাৰি৷ কিয়নো কংগ্ৰেছে ড: মনমোহন সিঙক মৃত্যুৰ পিছতো কেন্দ্ৰই বঞ্চনা কৰাৰ অভিযোগ তুলি কংগ্ৰেছে লাভ কৰিছে সহানুভূতি৷ গতিকে এতিয়া প্ৰণৱ মুৰ্খাজীৰ পৰিয়ালক সন্তুষ্ট কৰি চৰকাৰে পশ্চিমবংগৰ বাঙালী জাতীয়তাবাদৰো সমৰ্থন আদায় কৰাৰ পথ প্ৰশস্ত হৈ পৰিল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email