কমেণ্টৰ বাবে জে’লত সোমাব লাগিব কিন্তু

লুকিং হট
ছেক্সী লেডী…
ফে’চবুকত অচিনাকি মহিলাৰ ফটোত এনে কমেণ্ট কৰাৰ অভ্যাস আছে নেকি আপোনাৰ?
যদি আছে, তেন্তে সেই অভ্যাস ত্যাগ কৰক, নহ’লে কিন্তু আপুনি জে’লত সোমাব লাগিব৷
অচিনাকি সুন্দৰীৰ প্ৰ’ফাইল খুচৰি যদি ছেক্সী বা হট বুলি কমেণ্ট কৰে তেন্তে আপোনাৰ ঘৰত পুলিচ উপস্থিত হ’ব৷ এটা কমেণ্টৰ বাবেই শেষ হৈ যাব আপোনাৰ সন্মান৷
গতিকে এতিয়াৰ পৰাই সাৱধান হওক- কাৰণ ইতিমধ্যে অশ্লীল কমেণ্টৰ পৰিপ্ৰেক্ষিতত জে’লত সোমাবলগীয়া হৈছে এজন নামজ্বলা ব্যৱসায়ী৷
তেওঁৰ বিৰুদ্ধে হানী ৰ’জ নামৰ সুন্দৰী অভিনেত্ৰীগৰাকীয়ে ৰুজু কৰিছিল গোচৰ৷ গতিকে চহকী ব্যৱসায়ীজনক ধৰি-বান্ধি নি জে’লত ভৰাই থৈছে পুলিচে৷
এই ঘটনাটো সংঘটিত হৈছে কেৰালাত৷ ৰাজ্যখনৰ চিনেমা উদ্যোগৰ আগশাৰীৰ অভিনত্ৰী হানীয়ে স্বল্পবস্ত্ৰ পৰিধান কৰি ফে’চবুকত এখন ফটো আপলোড কৰিছিল৷
কিন্তু বিশেষ ফটোখনৰ বিষয়ে অশ্লীল কমেণ্ট লিখিলে ববী নামৰ কেৰালাৰ বিখ্যাত ব্যৱসায়ীজনে৷ তেওঁ ধনৰ বিনিময়ত হানী ৰ’জক অশালীন প্ৰস্তাৱো দিলে৷ লগতে হানিৰ দেহক লৈ ফে’চবুকত এবকলা দীঘলকৈ কমেণ্ট লিখিলে৷
তাৰ পিছতে গণ্ডগোল লাগিল৷ সামাজিক মৰ্যাদা ক্ষুণ্ণ হোৱাৰ অভিযোগত গোচৰ ৰুজু কৰিলে হানী ৰ’জে৷ গতিকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ব্যৱসায়ীজনক৷ মাত্ৰ এটা কমেণ্টৰ বাবে ধ্বংস হৈ গ’ল ব্যৱসায়ীজনৰ সামাজিক সন্মান৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial