কংগ্ৰেছৰে মিত্ৰতা ভংগ
শাৰদ পাৱাৰৰ কঠোৰ সিদ্ধান্ত
NCPয়ে ত্যাগ কৰিব INDIA
বিজেপিৰ কাষলৈ উভতিব উদ্ধৱ থাকৰেও
মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ পৰিৱৰ্তিত দৃশ্যপটে এই সম্ভাৱনাই প্ৰকাশ কৰিছে৷ মহাৰাষ্ট্ৰত বিজেপিৰ মহাযুটীয়ে চৰকাৰ গঠন কৰাৰ পিছত প্ৰায় নিশ্চিত হৈছে শাৰদ পাৱাৰৰ সিদ্ধান্ত৷
মাৰাঠী সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি ভতিজাক অজিত পাৱাৰৰ সৈতে একত্ৰিত হ’বলৈ শাৰদ পাৱাৰক হেঁচা দিছে তেওঁৰ পত্নীয়ে৷ আকৌ NCPৰ দুয়োটা গোট একত্ৰিত কৰিবলৈ অজিত পাৱাৰে পূৰ্বেও ইচ্ছা কৰিছিল৷ কিন্তু তেতিয়া শাৰদ পাৱাৰে বিষয়টোত গুৰুত্ব দিয়া নাছিল৷
পিছে বৰ্তমান অজিত পাৱাৰৰ মাতৃ আশা টায়েও খুৰাক-ভতিজাকৰ মধ্যস্থতা কৰিছে৷ গতিকে শাৰদ পাৱাৰেও মন সলনি কৰিছে৷ যদি সকলো অংক মিলি যায় তেন্তে শাৰদ পাৱাৰৰ NCP আৰু মহাৰা,্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ NCP আকৌ একত্ৰিত হ’ব৷
একেদৰে শেহতীয়াকৈ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছক সাক্ষাৎ কৰিছে শিৱসেনা UBTৰ নেতা উদ্ধৱ থাকৰেই৷ পুত্ৰ আদিত্য আৰু কেবাজনো বিধায়ক সৈতে গৈ তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে৷
তেনে সময়তে আকৌ উদ্ধৱৰ ঘনিষ্ঠ সঞ্জয় ৰাউটে প্ৰশংসা কৰিছে দেৱেন্দ্ৰ ফাড়নৱিছক৷ গতিকে মহাৰাষ্ট্ৰত পুনৰ কংগ্ৰেছ অকলশৰীয়ো হোৱাৰ সম্ভাৱনাই বৰ্তমান গা কৰি উঠিছে৷
বিগত সময়ত বিজেপিয়ে মিত্ৰতাৰ নামত শিৱসেনা আৰু NCPত উলম্ব বিভাজনৰ সৃষ্টি কৰিছিল৷ কিন্তু পূৰ্বৰ তিক্ততা পাহৰি পেলাইছে শাৰদ পাৱাৰ আৰু উদ্ধৱে৷