মদ খাই মাতাল হৈছিল মালিক৷ নিচাত মালিকে খোজেই কাঢ়িব নোৱাৰা হৈছিল৷ পিছে মানুহৰ দৰে মদাহী মালিকৰ সংগ ত্যাগ নকৰিলে পোহনীয়া গৰুটোৱে৷
এই ঘটনাটো ব্ৰাজিলৰহে৷ কিন্তু ষাড়গৰুৰ মালিকৰ প্ৰতি প্ৰেম দেখি সৰ্বত্ৰ ভাইৰেল হৈ পৰিছে বিশেষ ভিডিঅ’টো৷
ব্ৰাজিলৰ ভিতৰুৱা এলেকাৰ সেই ব্যক্তিজনে টেঁটুৰ গুৰিলৈ সুৰাপান কৰি ৰাস্তাতে পৰিবলৈ ধৰিছিল৷ কিন্তু কাষতে ৰৈ থকা ষাড়টোৰ গাঁত ধৰি তেওঁ থিয় হ’ল৷
পিছে হ’লে কি হ’ব
এইবাৰ মানুহজনে খোজ কাঢ়িব নোৱাৰা হ’ল৷ তেনেকুৱা সময়ত সাধাৰণতে প্ৰিয় বন্ধুৱে এৰি থৈ যায় মদাহী বন্ধুক৷ লাজ-অপমানৰ ভয়ত ত্যাগ কৰে সংগ৷
কিন্তু ষাড়টোৱে মানুহৰ দৰে নকৰিলে৷ গৰুটো মালিক সুস্থিৰ হোৱালৈ ৰৈ থাকিল৷ কিছু সময়ৰ পিছত গৰাকী যেতিয়া স্থিৰ হ’ল ষাড়টোৱে তেতিয়া শিঙেৰে লাহে লাহে খুচিবলৈ ধৰিলে৷
মূৰেৰে ঠেলি ঠেলি গৰাকীক ঘৰপৰ্যন্ত লৈ গ’ল পোহনীয়া গৰুটোৱে৷ নিচাত মাতাল মালিকক ঘৰত সুমুৱাই ষাড়টোৱে দায়িত্ব পালন কৰিলে৷
এই ঘটনাৰ ভিডিঅ’ ততালিকে সৰ্বত্ৰ বিয়পি পৰিছে৷ মাতাল হৈ থকা গৰাকীক ষাড়টোৱে মৰমেৰে ঘৰলৈ নিয়াটোৱে পিছে প্ৰমাণ কৰিছে- মানুহ জীৱশ্ৰেষ্ঠ নহয়৷