কাৰ্লী হেয়াৰৰ সুন্দৰীক আজিৰ যুগৰ বহুতে চিনি নাপাবও পাৰে৷ কিন্তু ১৫ বছৰৰ পূৰ্বে তেওঁ আছিল অসমৰ অজস্ৰ পুৰুষৰ সপোন কুঁৱৰী৷
তেওঁৰ বাবেই বহু যুৱকে নিশা টোপনি ক্ষতি কৰিছিল৷ অজস্ৰ যুৱকৰ বুকুত জুই লগাইছিল অসমৰ ভাইৰেল ছেন্সেশ্যন হৈ পৰা যুৱতীগৰাকীয়ে৷
তেওঁ আছিল লুনা লহকৰ৷ কেকোঁৰা চুলিৰ লুনাই হিয়া দিয়া নিয়া নামৰ চিনেমাখনেৰে আত্মপ্ৰকাশ কৰিছিল৷ হিয়া দিয়া নিয়াৰ লুনা লহকৰ আছিল তেনেই কুমলীয়া অষ্টাদশী সুন্দৰী৷
লাহে লাহে কাৰ্লী হেয়াৰৰ লুনাই কেবাখনো চিনেমাত অভিনয় কৰিলে৷ সুন্দৰ কণ্ঠ আৰু অভিনয়েৰে লুনা হৈ পৰিল পৰিচিত অভিনেত্ৰী৷
ইমান মৰম কিয় লাগে, কাদম্বৰী আদিতো লুনাই অভিনয় কৰিলে৷ চহৰীয়া যুৱতীৰ চৰিত্ৰত তেওঁক অভিনয় কৰোৱালে প্ৰয়াত মুনিন বৰুৱাই৷
কিন্তু হঠাতে জানো কি হ’ল! লুনা লহকৰ হেৰাই গ’ল৷
সুন্দৰী যুৱতীগৰাকী কিন্তু এতিয়া অসম নিৱাসী নহয়৷ তেওঁ মুম্বাইৰ বাসিন্দাহে৷ কিন্তু মুম্বাইতো ৰূপসজ্জাৰ সৈতেই লুনা জড়িত হৈ আছে৷
মায়ানগৰীত মেক-আপ আৰ্টিষ্ট হিচাপে সুনাম অৰ্জন কৰিছে লুনাই৷ তেওঁ মেক-আপ কৰিছে কেবাজনো জনাজাত অভিনেতাক৷
ইনষ্টাগ্ৰামত সক্ৰিয় লুনা এতিয়াও আগৰ দৰেই সুন্দৰী হৈয়েই আছে৷ বয়সে ম্লান কৰিব পৰা নাই লুনাৰ সৌন্দৰ্য৷
খবৰ অনুসৰি আকৌ অসমলৈ আহি আছে লুনা৷ ভাইমন দা নামৰ নতুন চিনেমাখনত লুনাই অভিনয় কৰিব৷
গতিকে নতুন প্ৰজন্ময়ো দেখিব সুন্দৰী লুনাক৷ আকৌ সকলোকে মতলীয়া কৰিব লুনাই৷