বেয়া নাপাব
অপ্ৰিয় সত্য কথা এষাৰ কওঁ
কিয়নো তেওঁলোকৰ কিয় দুৰ্গতি হৈছে সেয়া জানিবলৈ আমাৰ অধিকাৰ আছে
কিছুদিন পূৰ্বে আকস্মিকভাৱে মৃত্যুবৰণ কৰিছিল সূৰ্য হাজৰিকাই৷ এতিয়া দুপইছা বিচাৰি হাহাকাৰ কৰি আছে বাঁহীবাদক দীপক শৰ্মাই৷ মৃত্যুৰ পূৰ্বে বিজু ফুকনৰো আৰ্থিক অৱস্থা একেবাৰেই বেয়া আছিল৷ হস্পিতেলত ভৰ্তি হৈ থাকোতেও নিপণ গোস্বামীয়ে সুধিছিল- এই খৰচবোৰ কোনে দিব?
ডেকাকালত ৰাইজৰ মনোৰঞ্জন কৰি কিয় বুঢ়া বয়সত এইদৰে সৰ্বহাৰা হৈ পৰিছে শিল্পীসকল?
গণশিল্পী সূৰ্য হাজৰিকাই বন বিভাগত চাকৰি কৰিছিল৷ কিন্তু অসম আন্দোলনৰ উত্তেজনাত তেওঁ চাকিৰ এৰি দিলে৷ তেতিয়া কৈছিল- দেশ আৰু জাতি থাকিলে আকৌ চাকৰি পাম!
কিন্তু দেশ, জাতি, মাটি সকলো থাকিল, নাথাকিল সূৰ্য হাজৰিকাৰ চাকৰিটোহে! ফলত আমৃত্যু তেওঁ আৰ্থিক অনাটনত ভুগিলে৷ শেষত ৮৪ বছৰ বয়সত চৰকাৰে ধৰমতুলত দিয়া মাটিতহে ঘৰ সাজিবলৈ হাজৰিকাই চেষ্টা কৰিছিল৷ কিন্তু জীয়াই থাকোতে নিজৰ ঘৰটোও দেখি নগ’ল৷ ভাৰাঘৰতে থাকিল জীৱনটো৷
ঘনিষ্ঠ মহলে জানে, বিজু ফুকনে বহুদিন ঘৰ ভাৰা দিবলৈয়ো পৰা নাছিল৷ অসমৰ হাজৰিকা উপাধিৰ এজন বিহুশিল্পীয়ে বহুতৰে ওচৰতে এতিয়া হাত পাতি ফুৰে৷ কোনোবা অনুৰাগীয়ে মৰমতে দিয়ে এদিনৰ বজাৰৰ জোখাৰে পইছা!
বদৰুদ্দিন আজমলে সহায় নকৰাহেঁতেন নিপণ গোস্বামীয়ে পত্নীৰ চিকিৎসা কৰোৱাটোও অসম্ভৱ আছিল৷ নিজৰ চিকিৎসাৰ বাবে তেওঁৰ হাতত ফুটা-কঢ়িও নাছিল৷
কিন্তু কিয় হৈছে এই পৰিস্থিতি?
ৰাইজে মৰমৰ শিল্পীক যথাসম্ভৱ সহায় নিশ্চয় কৰিব, কিন্তু সেইটোৱেই জানো সমস্যা সমাধানৰ পথ হ’ব পাৰে?
সমস্যা অনেক আছে, কিন্তু এটা কথা খাটাং- অসমৰ শিল্পী সমাজ পেছাদাৰী হ’বলৈ নিশিকিলে৷ চহাশিল্পী, গণশিল্পী আদি হৈ থাকোতেই গায়কৰ দিন উকলি গ’ল৷ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে অধিকাংশ শিল্পীয়েই একো নকৰিলে৷
লগতে শুনক
এতিয়া টকা বিচাৰি ফুৰা এজন শিল্পীয়ে ডেকাকালত আকণ্ঠ সুৰাপান কৰি শৰীৰৰ ক্ষতি কৰিলে৷ শিল্পী বুলি নিজৰ ব্যতিক্ৰমী চিনাকিৰে কেৱল মদেই খালে৷
এই বিষয়বোৰতো অসমৰ শিল্পী সাৱধান হোৱাটো সময়ৰ শিক্ষা৷ অন্যথা কিন্তু তেওঁলোকৰ নিস্তাৰ নাই৷