জেপৰ পৰা যদি ৫০০ টকীয়া নোট এখন পৰি যায়, তেন্তে উঠাই ল’ব নোৱাৰে মুকেশ আম্বানিয়ে৷ অৱশ্যে তেওঁ শকত-আৱত বাবে উঠাই ল’ব নোৱাৰা নহয়৷
আম্বানিয়ে প্ৰতি ছেকেণ্ডত উপাৰ্জন কৰে কমেও ৫১,২৫০ টকা৷ গতিকে গতিকে ২ ছেকেণ্ড খৰচ কৰি ৫০০ টকীয়া নোটখন উঠালে তেওঁৰ লোকচান হ’ব!
সেইদৰেই কথাবোৰ চিন্তা কৰে ৰবি আবুভালা নামৰ ব্যৱসায়ীজনে৷ শেহতীয়াকৈ প্ৰকাশ কৰা অনুসৰি তেওঁ যোৱা চাৰিবছৰে নিজৰ খোৱা কাহীখনেই ধোৱা নাই৷
স্কেলিং উইথ ছিষ্টেমছ নামৰ প্ৰতিষ্ঠানটোৰ তেওঁ হৈছে CEO৷ সেই হিচাপে ঘণ্টাত তেওঁ ৫,০০০ ডলাৰ উপাৰ্জন কৰে৷ আমেৰিকানিৱাসী ৰবিয়ে ভাৰতীয় অকংত এঘণ্টাত আয় কৰে ৪ লাখ ২৮ হাজাৰ টকা৷
গতিকে খোৱা কাহীখন ধূলে তেওঁ সময় খৰচ হোৱা বুলি গণ্য কৰে৷ ধন ঘটিবলৈ সময় কমি যোৱাৰ বাবে তেওঁ কাহী ধুয়েই পোৱা নাই৷ চাৰিবছৰে তেওঁ কৰা নাই কামটো৷
কেতিয়াবা একেখন কাহিতে দুসাঁজো ভাত খাইছে এইজন ৰবিয়ে৷ নিজৰ কামৰ কথা লিংকডিনত প্ৰকাশ কৰিছে তেওঁ৷ কিন্তু নিজকে এলেহুৱা নহয় বুলিও ৰবিয়ে আকৌ কৰিছে দাবী৷