বিজেপিৰ পালিনেতা ৰবীনহুডৰ ভাও

আজিৰ নিঃসংগ প্ৰফুল্ল মহন্তক তেতিয়া এদল স্তাৱকে অহৰহ আগুৰি থাকে৷ ছাৰ বুলি মাতি মাতি মহন্তক ব্যতিব্যস্ত কৰি তোলে তেওঁলোকে৷
স্তাৱকৰ মাজত অসহায় হৈ বহি থাকে মহন্ত৷ কিন্তু মহন্তৰ আগুৰি বহি থকাসকল অগপৰ প্ৰথম শাৰীৰো নেতা নাছিল৷ তেওঁলোকে আছিল অঞ্চল বিশেষৰ পালিনেতা৷
কথাৰ বৰ্তমান সময়ৰ সৈতে সংগতি আছে৷
পৰিস্থিতিলৈ লক্ষ্য কৰকচোন, সেই প্ৰফুল্ল মহন্তৰ দিনবোৰ ঘূৰি আহিছে৷ তেতিয়া অগপৰ পালিনেতাই ভোট দিবলৈ যাব নোৱাৰা অসুস্থ বিধৱা মহিলাৰ ৰেচন কাৰ্ড কাটি দিছিল৷
এতিয়া বিজেপিৰ পালিনেতাই হাত-ভৰি বান্ধি হাজিৰা কৰা যুৱকক নদীত পেলাই দিছে৷
এই কিছুদিনৰ ভিতৰতে বিজেপিৰ পালিনেতাৰ অতপালিৰ খবৰ লিখি লিখি সাংবাদিক ভাগৰি পৰিছে৷ তেওঁলোকৰ বিৰুদ্ধে গোচৰ দিবলৈ যোৱা অভিযোগকাৰীক কিন্তু থানৰ পৰা খেদি দিছে OCয়ে৷
সেই একেই মহন্তৰ দিনৰ দৰেই বিজেপিৰ পালিনেতাৰ সন্ত্ৰাসে অসম ছানি ধৰিছে৷ অৰুণোদয়ৰ ফৰ্ম বিলোৱা পালিনেতাই দুখুনী বাঁৰীৰ সন্মুখত ৰবীনহুডৰ ভাও জুৰিছে৷ যেন চৰকাৰৰ কোনো নিয়ম নাই, যাকে ইচ্ছা তাকেহে তেওঁ অৰুণোদয়ৰ ফৰ্ম দিব তেনে এটা কাণ্ডই গাঁৱে গাঁৱে কৰি ফুৰিছে পালিনেতাই৷
আচলতে বৰ্তমান পালিনেতাৰ তাণ্ডৱ মহন্তৰ দিনতকৈয়ো বেছি হৈছে৷ গোচৰ পইচাৰ বাবেও পালিনেতাই হৈ পৰিছে হৰ্তা-কৰ্তা৷
পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দলটোৱে যেন পালিনেতাক এৰাল খুলি দৌৰিবলৈ দিছে৷ কিন্তু এই অতপালি চলিয়েই থাকিলে প্ৰফুল্ল মহন্তৰ দৰেই অতীত হৈ যাব বিজেপি৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email