তেওঁ কানাইৰ দৰে বাঁহী বাই ফুৰিছিল
বাঁহীতে দীপক শৰ্মাই তুলিছিল অনেক ৰাগ
সুৰৰ মূৰ্ছনাৰে আনক জীয়াই থকাৰ প্ৰেৰণা যোগোৱা শিল্পীগৰাকী এতিয়া নিজেই অভাৱগ্ৰস্ত৷
বাঁহীটোৰে জগত জিনা এইগৰাকী শিল্পীয়ে পেটৰ তাড়নাত দিক্বিদিক হেৰুৱাইছে৷ এফালে চিকিৎসাৰ খৰচ, আনফালে নিজৰ প্ৰিয় বাঁহীটোত সুৰৰ যাদু সৃষ্টি কৰিবলৈ অপাৰগ হৈ পৰা শিল্পীগৰাকী চৰম আৰ্থিক সংকটত ভুগিছে৷
বাঁহীবাদক দীপক শৰ্মাই চৰকাৰী সংস্থাপন বিচাৰি মুখ্যমন্ত্ৰীক সমাজিক মাধ্যমযোগে আহ্বান জনাইছে৷ বাঁহীৰে জগত জিনা শিল্পী দীপক শৰ্মাই বিচাৰিছে এটা সংস্থাপন৷
ডেকাকালত বাঁহী বজায়েই জীৱন কটাব পাৰিম বুলি ভবা দীপক শৰ্মাই মুখ্যমন্ত্ৰীক সোনকালে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে৷
বাঁহী বজোৱাৰ অনুষ্ঠানো নোহোৱা হোৱাৰ বাবে শিল্পীগৰাকীয়ে সংগীত বা সাংস্কৃতিক বিভাগত বিচাৰিছে এটা চাকৰি৷
অন্যথা বাঁহীটো হাতৰ পৰা এৰি দিবলৈ বাধ্য হৈছে দীপক শৰ্মা৷
উশাহ আৰু আঙুলিৰ ছন্দৰে বাঁহীৰ সুৰৰ লহৰ তোলা দীপক শৰ্মা বৰ্তমানো সুস্থ হোৱা নাই৷ সেয়ে তেওঁ অসহায় হৈ পৰিছে৷
সুৰৰ মানুহ দীপক শৰ্মাই অসুৰ হোৱাৰ ভয়ত দীপক শৰ্মাই চাকৰি এটা বিচাৰিছে৷
অৱশ্যে এবছৰ পূৰ্বে দীপক শৰ্মালৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকা টকা অনুদান আগবঢ়োৱা হৈছিল৷
কিন্তু কৰ্মহীন দীপক শৰ্মাক লাগে নিয়মীয়া উপাৰ্জনৰ পথ৷ অন্যথা তেওঁ কেতিয়াও হাতত ল’ব নোৱাৰিব বাঁহীটো৷