ক্ৰিকেটাৰৰ সংসাৰ কিয় নিটিকে?

যজুৰ্ৱেন্দ্ৰ চহলৰ সংসাৰখন থৰক-বৰক হৈছে৷ কিন্তু ক্ৰিকেটাৰৰ সংসাৰত কেৰোণো অৱশ্যে নিয়মৰ দৰেই৷ ইজনৰ ডিভ’ৰ্চ হ’লেই আনজনৰ পত্নীৰে মতানৈক্যৰ খবৰ ওলায়৷ গতিকে আমি তৈয়াৰ কৰিছো ডিভ’ৰ্চ ইলেভেন৷
পত্নীৰে বিচ্ছেদ ঘটা ক্ৰিকেটাৰৰ এই দলটোৰ অপেনাৰ হৈছে শিখৰ ধৱন৷ টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰজনৰ ইতিমধ্যে পত্নী আয়েশাৰ সৈতে বিচ্ছেদ ঘটিছে৷
দলটোৰ অধিনায়ক হৈছে মহম্মদ আজহাৰউদ্দিন৷ তেওঁৰো ইতিমধ্যে সংগীতা বিজলানিৰ সৈতে ডিভ’ৰ্চ হৈছে৷
ডিভ’ৰ্চ ইলেভেনৰ আনজন অপেনাৰ হৈছে বিনোদ কাম্বলী৷ তেওঁৰ সৈতে বিচ্ছেদৰ বাবে পত্নী এণ্ড্ৰিয়া আদালতৰ কাষ চাপিছে৷
দলটোৰ অলৰাউণ্ডাৰ হ’ব ৰবি শাস্ত্ৰী৷ তেওঁৰ সৈতে ইতিমধ্যে বিচ্ছেদ ঘটিছে পত্নী ঋতু সিঙৰ৷ ২২ বছৰীয়া দাম্পত্য জীৱনৰ পিছত দুয়োৰে বিচ্ছেদ ঘটিছে৷
দলটোৰ আনজন ডিভ’ৰ্চি খেলুৱৈ হ’ব হাৰ্দিক পাণ্ডিয়া৷ কিয়নো কিছুদিন পূৰ্বে তেওঁৰ সৈতে বিচ্ছেদ কৰিছে পত্নী নাটাছাই৷
ডিভ’ৰ্চ ইলেভেনৰ উইকেটকীপাৰ হৈছে দীনেশ কাৰ্তিক৷ তেওঁৰ প্ৰথমা পত্নী আছিল নিকিতা৷ কিন্তু কাৰ্তিকক ডিভ’ৰ্চ দি নিকিতা ক্ৰিকেটাৰ মুৰলী বিজয়ৰ সৈতে বিবাহত আবদ্ধ হৈছে৷
এইটো দলৰ সদস্য হ’ব অনিল কুম্বলে৷ কিয়নো কুম্বলেৰো ১৯৯৯ চনতে প্ৰথমা পত্নী চেতনাৰ সৈতে ডিভ’ৰ্চ হৈছে৷
টীম ইণ্ডিয়াৰ প্ৰাক্তন সদস্য জৱাগল শ্ৰীনাথো দলটোৰ সদস্য হ’ব পাৰিব৷ কিয়নো তেওঁৰো প্ৰথমা পত্নী জ্যেৎস্নাৰ সৈতে ইতিমধ্যে বিচ্ছেদ ঘটিছে৷
আনজন পেচাৰ হিচাপে ডিভ’ৰ্চ ইলেভেনত থাকিব মহম্মদ ছামী৷ তেওঁক ইতিমধ্যে ডিভ’ৰ্চ দিছে হাছিন জাহানে৷
ইমপেক্ট প্লেয়াৰ হিচাপে দলত নতুনকৈ সোমাইছে যজুৰ্ৱেন্দ্ৰ চহল৷ কিয়নো তেওঁৰ পত্নী ধনশ্ৰীয়েও চলাইছে ডিভ’ৰ্চৰ প্ৰস্তুতি৷
দলটো সম্পূৰ্ণ কৰিবলৈ পাকিস্তানৰ ৱাছিল আক্ৰামকো ল’ব লাগিব৷ তেওঁৰো প্ৰথমা পত্নী হুমা মুফতিৰ সৈতে ডিভ’ৰ্চ হৈ গৈছে৷
স্পীনৰ কিংবদন্তী শ্বেন ৱাৰ্নৰো হৈছে ডিভ’ৰ্চ৷ প্ৰয়াত ক্ৰিকেটাৰজনৰো প্ৰথমা পত্নীৰ সৈতে বিচ্ছেদ হৈছিল৷
এইসকলে নিজাকৈ ডিভ’ৰ্চ ইলেভেন গঠন কৰিলেই হৈ যাব এটা দল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email