অ’ মোৰ আপোনাৰ দেশ

আৱেগৰ স্বতঃস্ফূৰ্ত বৰ্হিপ্ৰকাশ ইয়াতকৈ কিমান ধুনীয়া হ’ব পাৰে…
কোনো হেঁচা নাই, কাৰোৰে নিৰ্দেশ নাই
কিন্তু সকলো থিয় হৈ গ’ল
ভিডিঅ’টো কোন ঠাইৰ আমি নাজানো
ভিডিঅ’ত থকা যুৱকসকলৰ নামো আমি নাজানো
কিন্তু যুৱককেইজনে কৰা কামটো দেখি শিয়ৰি উঠিছে গাৰ নোম৷ প্ৰথমে তেওঁলোকৰ কাণ্ডক ধেমেলিয়া বুলি ভাবিছিল বহুতে৷ কিন্তু লাহে লাহে সেই ভিডিঅ’টো যেতিয়া ভাইৰেল হ’ল, তেতিয়াহে সকলোৱে দেখিলে অচিনাকি ল’ৰাহঁতৰ নিঃস্বাৰ্থ আন্তৰিকতা৷
নৱবৰ্ষৰ প্ৰথম কেইদিনত অসমৰ অচিনাকি ঠাইৰ সেই ল’ৰাকেইজনেও আয়োজন কৰিছিল নৈশভোজ৷ গ্ৰামাঞ্চলৰ পৰিৱেশত ঘৰৰ পিছফালেই তেওঁলোকে সম্ভৱতঃ পাতিছিল ভোজ৷
আনন্দৰ সময়ছোৱাত যুৱকৰ দলটোৱে বজাইছিল গান৷ কিন্তু হঠাতে স্পীকাৰত বাজিল অসম সংগীত৷ অ’ মোৰ আপোনাৰ দেশৰ চিনাকি সুৰে ল’ৰাহঁতৰ বুকু বিদীৰ্ণ কৰি পেলালে৷
তেতিয়া আকৌ তেওঁলোকে ৰান্ধি-বাঢ়ি খাবলৈ ওলাইছিল৷ কিন্তু বঢ়া ভাত তেনেকৈয়ে থলে ল’ৰাহঁতে৷ ততালিকে থিয় হৈ শুনিলে জাতীয় সংগীত৷
সমস্বৰে গালে অ’ মোৰ আপোনাৰ দেশ৷ স্থান অথবা বিষয় যিয়েই নহওক, কিন্তু আৱেগৰ এই স্বতঃস্ফূৰ্ত প্ৰতিফলনে সকলোকে কৰিছে আৱেগিক৷ বহুতে কৈছে- এয়াহে অসমৰ ডেকা…

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial