ৰোহিতক আকৌ কৰিলে অপমান

অষ্ট্ৰেলিয়াত ৪ খন টেষ্ট খেলি ৰোহিত শৰ্মাই কৰিলে ৩১ ৰান
একেটা ছিৰিজতে যশপ্ৰীত বুমৰাহে পালে ৩৪টা উইকেট
অৰ্থাৎ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অধিনায়ক ৰোহিতে যিমান ৰান কৰিলে, তাতকৈ বেছি উইকেটেই পালে বুমৰাহে৷
সম্পূৰ্ণ এটা দশকৰ পিছত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাজিত হ’ল ভাৰত৷ সেই খবৰটোৰ পিছতে ওলাইছে আন এটা খবৰ৷
বৰ্তমান BCCIৰ সমৰ্থিত সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰশিক্ষক গৌতম গম্ভীৰৰ সৈতে ৰোহিত শৰ্মাৰ সংঘাতে চৰম ৰূপ ধাৰণ কৰিছে৷ কেপ্টেইন আৰু প্ৰশিক্ষকৰ কাজিয়াৰ বাবে আনসকল ক্ৰিকেটাৰৰ প্ৰদৰ্শনতো প্ৰভাৱ পৰিছে৷
খবৰ অনুযায়ী দলৰ প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ পিছতে গৌতম গম্ভীৰে লবী ৰাজনীতি আৰম্ভ কৰিছিল৷ গম্ভীৰে কেৱল তেওঁক সমৰ্থন কৰা খেলুৱৈ কেইজনকহে দলত স্থান দিবলৈ বিচাৰিছিল৷
তদুপৰি টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছিল ৰোহিত শৰ্মাক৷ কিন্তু ৰোহিতে গম্ভীৰৰ কথা নুশুনিলে৷ সেয়ে সকলোৰে সন্মুখতে গম্ভীৰে ড্ৰেছিং ৰূমত অপমান কৰিছিল ৰোহিতক৷ যাৰ বাবে কান্দি উঠিছিল ৰোহিত৷
পুৰণি ক্ৰিকেটাৰ হিচাপে যিসকলৰ খেলুৱৈৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল, সেইসকলকহে দলত স্থান দিবলৈ পলিটিক্স আৰম্ভ কৰিছিল গম্ভীৰে৷ এই বিষয়ে ৰোহিতে BCCIকো অভিযোগ দিছে৷
পিছে BCCIৰো এটা শক্তিশালী লবীয়ে গম্ভীৰক সমৰ্থন কৰিছে৷ সেয়ে ৰোহিত শৰ্মাই অপমানিত অনুভৱ কৰিছে৷
গম্ভীৰৰ সৈতে জেদ ধৰিয়েই ততালিকে অৱসৰ গ্ৰহণ নকৰে বুলি জনাই দিছে ৰোহিতে৷ কিন্তু এই ঘটনাক্ৰমত নীৰৱ ভূমিকা পালন কৰিছে কোহলিয়ে৷
পূৰ্বে বিজেপিৰ সাংসদ হোৱা গম্ভীৰত BCCIৰ সমৰ্থনৰ বাবে টীম ইণ্ডিয়াৰ ভিতৰুৱা পৰিৱেশ নিকৃষ্ট হৈ পৰিছে৷ ৰাজনীতিৰ প্ৰভাৱ পৰিছে ক্ৰিকেটত৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email