সাহিত্য সভাৰ সভাপতি হ’বলৈ বহু সাহিত্যিকে বহুতে ইচ্ছা কৰে, কিন্তু জিলা বিজেপিৰ সভাপতি হ’বলৈ কোনো নেতাই ইচ্ছা নকৰে৷
জিলা বিজেপিৰ সভাপতিৰ পদটো বিজেপি নেতাৰ বাবে বাঘৰ পিঞ্জৰাৰ দৰে৷
আগতে সকলোৰে আছিল সভাপতি হোৱাৰ ইচ্ছা
পিছে বৰ্তমান সভাপতি হোৱাৰ ভয়ে খেদি ফুৰিছে বিজেপি নেতাক
কিন্তু এই কৌশলে ইতিমধ্যে ৰাজনৈতিক কেৰিয়াৰ ইতিমধ্যে নিঃশেষ কৰি পেলালে এজন বিজেপি নেতাৰ৷ ৰাজ্যত দলটোৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত হৈ থকা শান্তনু পূজাৰী নামৰ যোৰহটীয়া নেতাজনক সভাপতি পাতি পথ প্ৰশস্ত কৰা হ’ল ৰাণা গোস্বামীৰ৷
শান্তনু পূজাৰীয়ে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতে বিচাৰিছিল বিজেপিৰ টিকট৷ যোৰহাট সমষ্টিতে তেওঁ দলৰ প্ৰাৰ্থিত্ব বিচাৰিছিল৷ কিন্তু ২০২১তো তেওঁ টিকটৰ পৰা বঞ্চিত হ’ল৷
জিলাখনত দলটোক প্ৰতিষ্ঠা কৰা শান্তনু পূজাৰীয়ে কিন্তু তাৰ পিছতো বিসম্বাদ কৰা নাছিল৷ RSSৰো প্ৰিয়পাত্ৰ পূজাৰীয়ে ২০২৬ চনতো যোৰহাট অথবা কাষৰীয়া সমষ্টিৰ পৰা টিকট বিচাৰিছিল৷ আমি লাভ কৰা খবৰ অনুসৰি বিজেপিৰ এটা পক্ষই তেওঁক প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল৷
গতিকে এইবাৰ জিলা বিজেপিৰ সভাপতি হোৱাৰ ইচ্ছা নাছিল শান্তনু পূজাৰী৷ বাজপেয়ী ভৱনতো নিজ ইচ্ছাৰ বিষয়ে তেওঁ জনাই দিছিল৷
পিছে কংগ্ৰেছৰ পৰা বিজেপিত সোমোৱা নেতাক টিকট দিবলৈ বলপূৰ্বক শান্তনু পূজাৰীক জিলা বিজেপিৰ সভাপতি পতা হ’ল৷ গতিকে ২০২৬ চনতো তেওঁ যে নিৰ্বাচনৰ প্ৰাৰ্থিত্ব নাপায় সেয়াও হৈ পৰিল নিশ্চিত৷
বিজেপিৰ এটা লবীয়ে টিকটৰ নিশ্চিতি দিয়াৰ পিছত শান্তনু পূজাৰীয়ে নিৰ্বাচনৰ কামো আৰম্ভ কৰিছিল৷ পিছে আনটো লবীয়ে পূজাৰীক সভাপতি হৈ থাকিবলৈ বাধ্য কৰিলে৷
জিলা সভাপতিয়ে যিহেতু নিৰ্বাচনৰ টিকট বিচাৰিব নোৱাৰে বুলি দলীয় ঘোষণা কৰা আছে, সেয়ে এই পদটো প্ৰদান কৰি আগতীয়াকৈ গুৰি কাটি দিয়া হ’ল শান্তনু পূজাৰীৰ৷