চাউল দিয়াৰ পিছতো ইমান সাহস!

শান্তিৰ ন’বেল বঁটা বিজয়ীয়ে দিলে যুদ্ধৰ ভাবুকি
পৰোক্ষভাৱে ভাৰত আক্ৰমণৰ ভাবুকি দিলে মহম্মদ ইউনুছে
বাংলাদেশৰ তদাৰকী শাসকজনে প্ৰয়োজনসাপেক্ষে যুদ্ধ কৰা হ’ব বুলিও ঘোষণা কৰিলে৷
শান্তিৰ ন’বেল প্ৰাপ্ক ইউনুছে সেনাৰ অনুশীলন শিবিৰত উপস্থিত হৈ ভৱিষ্যতৰ সমৰৰ পৰিকল্পনা প্ৰকাশ কৰিলে৷
পাকিস্তানৰ সৈতে বাংলাদেশৰ মিত্ৰতাৰ সময়ত ইউনুছৰ যুদ্ধ ঘোষণা কূটনৈতিকভাৱে হৈ পৰিছে অৰ্থপূৰ্ণ৷ সম্ভেদ অনুসৰি সেনা নিযুক্ত চৰকাৰৰ মুৰব্বীয়ে দেশখনৰ ৰাজবাড়ীত থকা সামৰিক প্ৰশিক্ষণ এলেকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল৷
তদাৰকী চৰকাৰৰ প্ৰধান উপদেষ্টা হিচাপে সেনাৰ অনুশীলনৰ পিছত তেওঁ তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰিলে৷ তেওঁ ক’লে যে সামৰিক কুচকাৱাজৰ উদ্দেশ্য হৈছে প্ৰকৃত যুদ্ধ বিজয়৷ তদুপৰি সেনাৰ দায়িত্ব হৈছে সকলো সময়তে দেশৰ সুৰক্ষা৷ গতিকে বিজয়ৰ লক্ষ্যৰে প্ৰয়োজন হ’লেই বাংলাদেশৰ সৈনিক যুদ্ধক্ষেত্ৰত অৱৰ্তীণ হ’ব৷
২০০৬ চনত শান্তিৰ ন’বেল লাভ কৰা ইউনুছৰ এই বক্তব্য যে ভাৰতৰ প্ৰতি পৰোক্ষ সকীয়নি সেয়া বৰ্তমানৰ পৰিস্থিতিয়ে প্ৰতিপন্ন কৰিছে৷ একালৰ শত্ৰু পাকিস্তানৰ মিত্ৰ হৈ পৰা বাংলাদেশৰ শাসকৰ বক্তব্য দিল্লীৰ বাবে চৰম স্পৰ্ধা হিচাপে প্ৰতিপন্ন হৈছে৷
কিন্তু এইজন ইউনুছৰ অনুৰোধৰ পিছতে ভাৰতে বাংলাদেশলৈ প্ৰেৰণ কৰিছে প্ৰায় ৩০ হাজাৰ টন চাউল৷ ৰেহাই দামত দেশখনক ভাৰতে চাউল যোগান ধৰিছে৷ তাৰ পিছতো দিছে আক্ৰমণৰ ভাবুকি৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email