ইমান অপমান কিয় কৰিলে?

মোদীক গুৰুত্বই নিদিলে ড’নাল্ড ট্ৰাম্পে
মিত্ৰদেশৰ সকলো প্ৰধানমন্ত্ৰী অথবা ৰাষ্ট্ৰপতিকে নিমন্ত্ৰণ কৰিলে
কিন্তু নৰেন্দ্ৰ মোদীক শপত গ্ৰহণ অনুষ্ঠানলৈ নামাতিলে ড’নাল্ড ট্ৰাম্পে৷ চীনৰ ৰাষ্ট্ৰপতিয়ে ট্ৰাম্পৰ নিমন্ত্ৰণো প্ৰত্যাখ্যান কৰিলে, তথাপি ভাৰতৰ প্ৰধানমন্ত্ৰীক তেওঁ নিদিলে গুৰুত্ব৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ২০ জানুৱাৰীত শপত গ্ৰহণৰ পূৰ্বে নিমন্ত্ৰণৰ পৰ্ব ইতিমধ্যে ট্ৰাম্পে শেষ কৰিছে৷
কিন্তু তেওঁৰ বাছনিত উঠা নাই মোদী৷ পিছে নিৰ্বাচনত বিজয়ৰ পিছত মোদীয়েই ট্ৰাম্পক সৰ্বপ্ৰথমে অভিনন্দন জনাইছিল৷ টেলিফোনতো সৌহাদ্যপূৰ্ণ আলোচনা হোৱা বুলি ঘোষণা কৰিছিল মোদীয়ে৷ তথাপি ট্ৰাম্পৰ অভ্যাগতৰ তালিকাত নাম নাহিল পূৰ্বে তেওঁ বন্ধু বুলি অভিহিত কৰা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ৷
মোদীৰ বাবে অপমানজনক অধ্যায়ক অধিক চৰ্চিত কৰি তুলিছে এছ জয়শংকৰৰ আমেৰিকা ভ্ৰমণে৷ চৰকাৰী খবৰ অনুসৰি বিদেশমন্ত্ৰীয়ে ভৱিষ্যতৰ নীতি সম্পৰ্কে আলোচনা কৰিবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ পৰিভ্ৰমণ কৰিছিল৷ কিন্তু মোদীক নিমন্ত্ৰণৰ বাবে ট্ৰাম্পপন্থী শিবিৰক সৈমান কৰাবলৈয়েই যে জয়শংকৰে আমেৰিকাত উপস্থিত হৈছিল প্ৰমাণিত হৈছে৷
আনকি বিজেপি নেতা সুব্ৰমণিয়ম স্বামীয়েও এক্সত এই দাবী কৰিছে৷ তাৰ পিছতো মোদীক অভ্যাগত তালিকাত ট্ৰাম্পে স্থান নিদিলে৷ পূৰ্বে ৰাষ্ট্ৰপতি হিচাপে ভাৰত ভ্ৰমণ কৰা ট্ৰাম্পক কিন্তু নিৰ্বাচনী প্ৰচাৰৰ সময়তো মোদীয়ে সহায় কৰিছিল৷ প্ৰৱাসী ভাৰতীয়ৰ সমৰ্থন যাতে তেওঁ লাভ কৰে তাৰ বাবে আমেৰিকালৈ গৈ ট্ৰাম্পৰ সৈতে গ’ল্ফ খেলিছিল মহেন্দ্ৰ সিং ধোনিয়ে৷ এই পৰিকল্পনাৰ আঁৰতো মোদীয়েই আছিল বুলি দাবী কৰিছিল আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে৷ কিন্তু সাম্প্ৰতিক পৰিস্থিতি মোদীৰ বাবেও হৈ পৰিছে অস্বস্তিদায়ক৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email