অৱশেষত প্ৰমাণিত হ’ল Barta NEৰ বাতৰিৰ সত্যতা

অসমৰ সৰ্বপ্ৰথম প্ৰতিনিধি হিচাপে BCCIৰ সচিব প্ৰধান পদত অধিষ্ঠিত হ’ল দেৱজিৎ শইকীয়া৷ একালৰ ৰঞ্জি ক্ৰিকেটাৰগৰাকীৰ BCCIৰ গুৰুদায়িত্ব লাভ কৰাটো আজি নিশ্চিত হৈ পৰিল৷
বৰ্তমান BCCIৰ ভাৰপ্ৰাপ্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা শইকীয়াই স্থায়ী পদৰ অৰ্থে ঘোষিত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছিল৷ পিছে আজি চৰমসীমা শেষ হোৱাৰ পিছতো তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাৰ বাবে কোনেও দাখিল নকৰিলে মনোনয়ন৷
পৰিপ্ৰেক্ষিতত অৱধাৰিতভাৱে বিনাপ্ৰতিদ্বন্দ্বিতাৰে শইকীয়া সচিবৰ পদত অধিষ্ঠিত হৈছে৷ অৱশ্যে ১২ জানুৱাৰীতহে এই বিষয়ে আনুষ্ঠানিকভাৱে BCCIয়ে ঘোষণা কৰিব৷ বৰ্তমান অসম চৰকাৰৰ মহাধিবক্তা হিচাপেও কৰ্মৰত দেৱজিৎ শইকীয়াৰ জৰিয়তে অসমীয়াৰ হাতলৈ আহিল BCCIৰ গুৰুদায়িত্ব৷
পূৰ্বে অসমৰ হৈ ৰঞ্জি ট্ৰফীত বেটছমেন হিচাপে তেওঁ অংশগ্ৰহণ কৰিছিল৷ তদুপৰি ক্ৰীড়া সংগঠন হিচাপে বুৎপত্তি প্ৰদৰ্শন কৰা শইকীয়াই অসম ক্ৰিকেট সন্থাৰো সম্পাদক হিচাপে কৰিছিল কাৰ্যনিৰ্বাহ৷
বিগত সময়ত তেওঁ বি চি চি আইৰ যুটীয়া সচিব হিচাপে নিৰ্বাচিত হৈছিল৷ পিছে তেতিয়াৰ জয় শ্বাহ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ অধ্যক্ষ হিচাপে বাছনি হোৱাত খালী হৈছিল পদটো৷ বিগত সময়ত প্ৰাক্তন মন্ত্ৰী অৰুণ জেটলিৰ পুত্ৰ ৰোহণ উক্ত পদত অধিষ্ঠিত হ’ব বুলি প্ৰচাৰ চলিছিল৷ পিছে সকলো প্ৰত্যাহ্বান নেওচি BCCIৰ শীৰ্ষ দায়িত্ব লাভ কৰিবলৈ সক্ষম হ’ল দেৱজিৎ শইকীয়া৷ আনহাতে কোষাধ্যক্ষ পদত অধিষ্ঠিত হ’ল ছত্তিশগড়ৰ প্ৰভতেজ সিং ভাটিয়া৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email