বৈষ্ণৱেও অসমক ঠগিলে

পুৰণি ৰে’লৰে আকৌ ফ্লেগ-অফ কৰিলে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে তিনিখন নতুন ৰে’লৰ চলাচল অসমত আৰম্ভ কৰা হ’ল বুলি ৰৌজাল-বৌজাল কৰি চলোৱা হ’ল প্ৰচাৰ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেবাখনো ফ্লেগ অফ কৰাৰ পিছতে ৰে’ল বিপ্লৱৰ সূচনা হোৱা বুলিও সৰ্বত্ৰ প্ৰচাৰিত হ’ল কিন্তু চলাচল আৰম্ভ কৰা তিনিখন ৰে’লৰ ভিতৰত কেৱল গুৱাহাটী-উত্তৰ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছখনহে নতুন বাকী দুখন ৰে’ল ক্ৰমে গুৱাহাটী-নিউ বঙাইগাঁও আৰু তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছ ইতিপূৰ্বে চলিয়েই আছিল কিন্তু ক’ভিডৰ অজুহাত দেখুৱাই চাৰিবছৰে ৰে’ল দুখনৰ চলাচল বন্ধ কৰি ৰখাহে হৈছিল কেৱল এই দুখন ৰে’লেই নহয়, আন বহুকেইখন ৰে’ল ক’ভিডৰ সময়ৰ পৰা বন্ধ কৰি থোৱা হৈছিল যিবোৰৰ চলাচল আজিও আৰম্ভ হোৱা নাই দৰাচলতে বগীবিল দলং মুকলি হোৱাৰ এবছৰ পিছতে ২০১৯ চনৰ ১৯ অক্টোবৰত দক্ষিণপাৰৰ পৰা উত্তৰপাৰলৈ অৰ্থাৎ ডিব্ৰুগড়ৰ পৰা তেজপুৰ ডেকাৰগাঁৱলৈ প্ৰথমখন ইণ্টাৰচিটী এক্সপ্ৰেছৰ চলাচল আৰম্ভ হৈছিল কিন্তু মাত্ৰ ৫ মাহৰ পিছত ক’ভিডৰ বাবে সেই ৰে’লসেৱা বন্ধ হৈ পৰিছিল তাৰ পিছত ৫ বছৰে উক্ত ৰে’লখন বন্ধ হৈয়েই থাকিল আজি সেইখনৰে আকৌ ফ্লেগ অফ কৰিলে কেন্দ্ৰীয় ৰে’লমন্ত্ৰীয়ে৷ ক’ভিডৰ সময়ৰ পৰা অসমত বন্ধ হৈ থকা ৰে’ল পনৰ চলাচলৰ বাবে অসম ৰে’লযাত্ৰী সংস্থাই ধাৰাবাহিকভাৱে দাবী জনাই আহিছিল দীপংকৰ শৰ্মাৰ নেতৃত্বত এন এফ ৰে’লৱেক হেঁচা দিছিল সংগঠনটোৱে তেওঁলোকে ক’ভিডৰ অজুহাতত বন্ধ কৰি ৰখা ১০ খনৰো অধিক ৰে’লৰ চলাচল শীঘ্ৰে আৰম্ভ কৰিবলৈ দাবী জনাইছিল মিনিটে মিনিটে পৰ্যাপ্ত লোকেল ৰে’লৰ চলাচল কৰাবলৈয়ো প্ৰতিবাদ কৰিছিল ৰে’লযাত্ৰী সংস্থাই এই দাবীৰ বাবেই দুখন পুৰণি ৰে’ল অৱশেষত চৰকাৰে ঘূৰাই দিলে কিন্তু সেই কেইখনো নতুন বুলি কৰিলে দাবী

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial