দিল্লীত গুৰুত্বহীন ভূপেন-গৌৰৱ

গৌৰৱ গগৈ আৰু ভূপেন বৰাই খোৱা-কামোৰা কৰি থাকোতেই যাব৷ প্ৰদ্যুৎ বৰদলৈয়ো হতাশ হ’ব৷ কিন্তু ২০২৬ত অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব মীৰা বৰঠাকুৰ ভোক লগাই থাকিল চাই, ভোক নলগাই পেলালে খাই- এই আপ্তবাক্যৰ দৰেই APCCৰ সকলো সতীৰ্থকে অতিক্ৰম কৰি মীৰা বৰঠাকুৰ হাইকমাণ্ডৰ বাছনিত উঠিছে কথাটো সঁচা, লবী ৰাজনীতিৰ পৰা দূৰত থকা মীৰা বৰঠাকুৰক হাইকমাণ্ডে পছন্দ কৰাৰো কাৰণ আছে আচলতে কেবাখনো যুদ্ধত পৰাস্ত হৈ কংগ্ৰেছে শত্ৰুৰ দুৰ্বলতাৰ বিষয়ে জ্ঞাত নেতাক সেনাপতিৰ দায়িত্ব দিবলৈ সিদ্ধান্ত লৈছে হাইকমাণ্ডে সেনাপতি হিচাপে বিচাৰিছে এনে নেতাক, যি প্ৰতিদ্বন্দ্বীৰ ক্ষমতাৰ বিষয়ে ভালদৰেই জানে সেইবাবে দিল্লীত কংগ্ৰেছে অলকা লাম্বাক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে৷ কিন্তু কংগ্ৰেছে দিল্লীত অৰবিন্দ কেজৰিৱালক হৰুওৱাৰ দায়িত্ব দিয়া অলকা লাম্বাও আগতে আছিল আপৰ নেত্ৰী৷ তেওঁ ২০১৫ চনত চান্দনী চ’কৰ পৰা ঝাড়ুৰ প্ৰতীকত নিৰ্বাচিত হৈছিল৷ ২০১৯ চনত লাম্বাই আকৌ কংগ্ৰেছত যোগ দিছিল৷ তেওঁ বৰ্তমান সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী৷ এইগৰাকী সৰৱ নেত্ৰী আগতে আছিল NSUIৰো ৰাষ্ট্ৰীয় অধ্যক্ষা৷ লগতে দিল্লী বিশ্ববিদ্যালয়ৰো নেত্ৰী আছিল লাম্বা৷ তেওঁ পূৰ্বে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সৈতেও আছিল জড়িত৷ সেইসূত্ৰে GS ৰোড কাণ্ডৰ তদন্তৰ অৰ্থে অসমলৈ আহিছিল লাম্বা৷ যি সময়ত তৰুণ গগৈৰ চৰকাৰত বিসম্বাদ চৰম পৰ্যায়ত চলি আছিল৷ কিন্তু পিছলৈ কংগ্ৰেছ হাইকমাণ্ডৰ নিৰ্ভৰযোগ্য সেনাপতি হৈ পৰা অলকা লাম্বাই এইবাৰ হ’ল দিল্লীত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী৷ সেইদৰেই মীৰা বৰঠাকুৰো আছিল অসমত বিজেপিৰ প্ৰথম প্ৰজন্মৰ নেত্ৰী দলটো অসমত শূন্য হৈ থকাৰ সময়তো মীৰা বৰঠাকুৰে দিছিল বিজেপিৰ হৈ শ্ল’গান গতিকে বিজেপিৰ দুৰ্বলতাৰ বিষয়ে বৰঠাকুৰে ভালদৰেই জানে সেয়ে অলকা লাম্বাৰ দৰেই মীৰা বৰঠাকুৰকে অসমত বিজেপি বধৰ সেনাপতি পাতিব হাইকমাণ্ডে কাকতালীয়ভাৱে বৰঠাকুৰো প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী তদুপৰি সামাজিকভাৱেও সৰৱ হিচাপে তেওঁৰ চিনাকি আছে নিৰ্বাচনত হাৰিলেও মীৰা বৰঠাকুৰে এঘড়ী যুঁজিছে এতেকে তেৱেঁই হ’ব অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী দধিচীৰ হাড়েৰে বজ্ৰ সাজি দেৱতাই অসুৰ বধ কৰাৰ দৰে কংগ্ৰেছেও বিচাৰিছে এগৰাকী বিশেষ সেনাপতি যি জানে শত্ৰুৰ দুৰ্বলতা অৰ্থাৎ শত্ৰুৰ অস্ত্ৰৰেই শত্ৰু বধৰ বাবে সাজু হৈছে হাইকমাণ্ডে সেয়ে ৰাজীৱ ভৱনত গুৰুত্ব বাঢ়িছে মীৰা বৰঠাকুৰৰ

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email