চহৰ নহয় যেন অসমৰ উদ্যানহে সেইখন

নগাঁও নহয় যেন বাঘৰ নগৰহে অৰণ্যৰ বাঘকেইটায়ো কি ভাবে ঠিকেই নাই বাৰম্বাৰ কিন্তু নগাঁৱৰ জনাঞ্চলত ওলাই বাঘ কিছুদিন পূৰ্বে কলিয়াবৰত বাঘ ওলাইছিল তাৰ পিছত ওলাল ননৈ আৰু ধিঙত আৰু এতিয়া নগাঁও চহৰত আৰম্ভ হৈছে বাঘৰ সন্ত্ৰাস মুঠতে নগাঁও হৈ পৰিছে বন্যপ্ৰাণী উদ্যানৰ দৰে বন বিভাগে কেমেৰা লগায়ো বাঘ বিচাৰিছে তাৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে একাধিক ভুৱা ভিডিঅ’ কিন্তু নগাঁৱতে কিয় ইমানকৈ বাঘ ওলাইছে সেই কথাটো হৈ পৰিছে চিন্তাৰ বিষয় বন বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি মুছলমান বসতিপ্ৰধান এলেকাত সৰ্বাধিক মাত্ৰাত বন ধ্বংস কৰা হৈছে ফলত বাঘ-ভালুক থাকিবলৈ নগাঁৱত ঠাই নোহোৱা হৈছে যাৰ বাবে জনাঞ্চললৈ ওলাই আহিছে বাঘ তদুপৰি জিলাখন কাজিৰঙাৰ সীমামূৰীয়া হোৱা বাবেও বাঘৰ বিচৰণ বাঢ়িছে কিন্তু বাঘৰ ক্ৰমবৰ্ধিত উপদ্ৰৱে পৰিৱেশ কৰি তুলিছে ভয়াৰ্ত বৰ্তমান ৰাইজে নিশা বাহিৰ ফুৰিবলৈ যোৱাটোও হৈ পৰিছে চিন্তাৰ বিষয় ৰাতি ঘৰৰ পৰা ওলোৱাটোৱেই চিন্তা হৈ পৰিছে বাঘৰ ত্ৰাসৰ বাবেই আমোলাপট্টিৰ পৰা স্থানান্তৰিত কৰিবলগীয়া হৈছে বিভিন্ন অনুষ্ঠান

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial