ঘৰত গালি নুশুনিবলৈ খাওক…

এতিয়া মূৰৰ বিষ গেষ্ট্ৰিক বাৰে বাৰে বমি হৈছে নতুন বছৰৰ পাৰ্টী কৰি কৰি অৱশ হৈ পৰিছে মদ্যপায়ী অসমৰ যুৱক-যুৱতীয়ে নিউ য়েৰ চেলিব্ৰেছনৰ নামত আকণ্ঠ সুৰাপান কৰি হেং অভাৰত এতিয়ালৈ মূৰেই দাঙিব পৰা নাই খেলিমেলি হৈ গৈছে ৰুটিন জীৱন, ৰাস্তাতো গাড়ী কমিছে৷ কিন্তু কি কৰিলে নোহোৱা হ’ব হেং অভাৰ! চিকিৎসকৰ পৰামৰ্শ অনুসৰি হেং অভাৰৰ পৰা পৰিত্ৰাণ পাবলৈ দৈ খাব লাগে টেঙা দৈয়ে মূৰৰ বিষ নাইকিয়া কৰে৷ ফলত মদ্যপানৰ পিছত মূৰটো ওজন হৈ থকাৰ দৰে ভাব নোহোৱা হয়৷ ডাব নাৰিকলৰ পানীও হেং অভাৰৰ পৰা সকাহ পোৱাৰ বাবে উপকাৰী নাৰিকলৰ পানীয়ে ইলেক্ট্ৰ’লাইটৰ দৰে কাম কৰে দেহত পানীৰ পৰিমাণো বৃদ্ধি হয়৷ হেং অভাৰ নোহোৱা কৰিবলৈ উপকাৰী হৈছে কল৷ কলত থকা কাৰ্ব’হাইড্ৰেট আৰু প’টাচিয়ামে দেহক পুষ্টি দিয়ে ফলত মদ্যপানৰ পিছতো ভাগৰ অনুভৱ নহয় অতিপাত মূৰৰ বিষ অনুভৱ কৰিলে আদা খালেও আৰাম পোৱা যায়৷ আদা মৌৰ সৈতে খালে বমিৰ ভাব দূৰ হয় আধা গিলাচ কুহুমীয়া পানীত এফাল নেমুৰ ৰস মিহলাই খালেও হেং অভাৰ নোহোৱা হ’ব তাৰ পিছতে পাব আৰাম

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email