কেমোথেৰাপীৰ নামত প্ৰতাৰণা

চিকিৎসাৰ বাবে চেন্নাইলৈ যোৱা ৰোগীসকল সাৱধান হওক বৰ্হিৰাজ্যত উন্নত চিকিৎসা বিচাৰি যোৱা ৰোগীক সতৰ্ক কৰি দিছে অসম বৈভৱ চিকিৎসক ডাঃ তপন শইকীয়াই৷ কেঞ্চাৰ বিশেষজ্ঞ শইকীয়াই জনাইছে এটা বিশেষ অনুৰোধ তেওঁ প্ৰকাশ কৰা অনুসৰি চেন্নাইৰ কেবাজনো চিকিৎসকে প্ৰতাৰণা কৰিছে অসমৰ ৰোগীক তেওঁলোকে অসম বা তামিনাডুৰ বাহিৰৰ লোকক কেমোথেৰাপীৰ বাবে কম খৰচৰ প্ৰলোভন দিছে তাৰ পিছত নিৰ্দিষ্ট হস্পিতালৰ বাহিৰত দিম বুলি নি একেদামতে বাহিৰত কেমো দিয়াইছে যি চিকিৎসাৰ কোনো তথ্য পিছলৈ নাথাকে লগতে ৰোগীক এনে চিকিৎসকে ১ লাখ টকা বা তাতোকৈ বেছি দামৰ ষধৰ নামত দিছে প্ৰ’টিন পাউদাৰৰ বাকচ গতিকে সকলোকে সাৱধান হ’বলৈ আহ্বান জনাইছে তপন শইকীয়াই৷ কেবাদশক মুম্বাইৰ প্ৰিন্স আলি খান হস্পিতেলত কাম কৰা শইকীয়াই জ্যেষ্ঠ চিকিৎসককো এই বিষয়ে অৱগত কৰাইছে ৰাজ্যৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ প্ৰাপ্ত শইকীয়া পূৰ্বে চৰকাৰৰ কেঞ্চাৰ চিকিৎসাৰ নেতৃত্ব বহন কৰিছিল তেওঁৰ জৰিয়তেই অসমত আৰম্ভ হৈছিল উন্নত চিকিৎসাৰ প্ৰণালী

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial