বেংক বন্ধ কৰিলে

দেশৰ ১১টা বিত্তীয় প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ খাৰিজ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে৷ গ্ৰাহকৰ সঞ্চয় সুৰক্ষিত কৰা ৰখাৰ বাবে ততালিকে বন্ধ কৰা বেংকৰ ভিতৰত আছে অসমৰো এটা প্ৰতিষ্ঠান৷
বহুদিন তেজপুৰত নিয়াৰকৈ চলি থকা মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংক লিমিটেডৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে৷
প্ৰতিষ্ঠানটোৰ সৈতে সম্পৰ্ক ৰক্ষা নকৰিবলৈয়ো গ্ৰাহকক নিৰ্দেশ দিয়া দিছে আৰ বি আয়ে৷ আনহাতে উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল কো-অপাৰেটিভ বেংক লিমিটেড, দুৰ্গা কো-অপাৰেটিভ আৰবান বেংক লিমিটেড আদিও বন্ধ কৰা বুলি ঘোষণা কৰা হৈছে৷
এইসমূহ প্ৰতিষ্ঠানে বেংকিং আইন-১৯৪৯ৰ নিয়ম উলংঘা কৰিছিল৷ সেয়ে সকলোৰে লাইচেঞ্চ বাতিকৰণৰ কঠোৰ সিদ্ধান্ত লৈছে আৰ বি আয়ে৷ আনহাতে তেজপুৰৰ স্থানীয় লোকৰ প্ৰচেষ্টাত বিগত সময়ত স্থাপন হৈছিল মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংক৷ কেবাদশক প্ৰতিষ্ঠানটো সমস্যা অবিহনে বৰ্তি আছিল৷ কিন্তু তিনিবছৰজুৰি অৰ্থিক সংকটত পতিত হৈছে বেংকটো৷
ফলত সঞ্চিত অৰ্থৰ পৰিমাণ ক্ৰমে হ্ৰাস হৈছিল৷ গতিকে শেষত বন্ধ কৰি দিয়াৰে সিদ্ধান্ত ল’লে আৰ বি আয়ে৷ অৱশ্যে গ্ৰাহকসকলে সঞ্চিত ধন বেংকৰ পৰা লাভ কৰিব৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email