নাগালেণ্ডলৈ আকৌ বাঢ়িছে চালান

পিটপিটাই ঘূৰি ফুৰিছে কুকুৰ চোৰে পথৰ গৰাকীবিহীন কুকুৰ ধৰি নিবলৈ কেবাখনো চহৰত সুযোগ বিচাৰি আছে চোৰৰ দলে নাগালেণ্ডলৈ চালান দিয়াৰ উদ্দেশ্য়ে পথৰ নিৰীহ কুকুৰ ধৰি নিছে দুৰ্বৃত্তই গুৱাহাটীত দিনতে কুকুৰ ধৰিবলৈ চেষ্টা কৰা দুই দুৰ্বৃত্ত ধৰা পৰাৰ পিছত ফাদিল হৈছে ৰহস্য সমৰ্থিত সূত্ৰই সদৰী কৰা অনুসৰি বৰ্তমান আকৌ বাঢ়িছে নাগালেণ্ডলৈ কুকুৰ প্ৰেৰণৰ পৰিমাণ চোৰে পোহনীয়া কুকুৰো নগাক মাংসৰ বাবে যোগান ধৰিছে আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰই সদৰী কৰা অনুসৰি গুৱাহাটীত নম্বৰপ্লেটবিহীন ই-ৰিক্সাত ঘূৰি ফুৰিছে চোৰ সেই বিশেষ গাড়ীখনৰ পিছফালে থকা স্পেয়াৰ চকাটোত এটা ৰঙা কভাৰ লগোৱা আছে গতিকে বিশেষ বাহনখনৰ প্ৰতি নজৰ দিবলৈ আৰক্ষীয়ে ৰাইজক আহ্বান জনাইছে আনহাতে কিছুদিন পূৰ্বেও গোলাঘাট আৰক্ষীয়ে কুকুৰ চোৰক গ্ৰেপ্তাৰ কৰিছিল ধৰিছিল চুৰি কৰি নাগালেণ্ডলৈ নিয়া কুকুৰ৷ গতিকে নাগালেণ্ডলৈ কুকুৰৰ সৰবৰাহ আকৌ বাঢ়িছে বুলি আৰক্ষীৰে সূত্ৰই সদৰী কৰিছে বিভিন্ন এলেকাত নিশা চকীদাৰী কৰা নিৰীহ কুকুৰকেইটাৰ প্ৰতি নজৰ পৰিছে চোৰৰ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial